একাউন্ট যিমানেই বেছি থাকে সিমানেই অসুবিধা বা বিপদত পৰাৰ আংশকা বৃদ্ধি পায়।প্ৰতিটো একাউন্টত নিম্নতম ধনৰ পৰিমাণ বজাই ৰখাকে ধৰি একাধিক একাউন্ট থাকিলে বিত্তীয় প্ৰৱঞ্চকৰ কৱলত পৰাৰো ভয় থাকে।
যদি আপুনি কোনো এটা একাউন্টত এবছৰতকৈ অধিক সময়ৰ বাবে ধনৰ লেনদেন নকৰে তেতিয়া সেই একাউন্টটো নিষ্ক্ৰিয় হৈ পৰে।আৰু এনে নিষ্ক্ৰিয় একাউন্টত প্ৰবঞ্চনাৰ আংশকাৰ প্ৰতি লক্ষ্য ৰাখি বেংকাৰ সকলে সকলো বিৱৰণ পৃথক লেজাৰত ৰখাৰ ব্যৱস্থা কৰে।
বহুত একাউন্ট থাকিলে কোনো এজন ব্যক্তিৰ আয়কৰ ৰিটাৰ্ণ কৰোতেও অসুবিধাৰ সৃষ্টি হ’য়।যিহেতু এই সময়ত প্ৰতিটো একাউন্টৰ সবিশেষ তথ্য প্ৰদান কৰিবলগীয়া হ’য় বাবে ৰিটাৰ্ণ দাখিল কৰাত অসুবিধা আহি পৰে।
একেদৰে প্ৰতিটো একাউন্টৰ বাবে উপভোক্তাই বিভিন্ন তত্বাৱধানত মাচুল পৰিশোধ কৰিবলগীয়া হলে ব্যয়ৰ পৰিমাণো বৃদ্ধি পায়।
প্ৰতিটো একাউন্টত নিম্নতম সমতা বজাই নাৰাখিলে উপভোক্তাৰ ওপৰত জৰিমনা আৰোপ কৰা হ’য় আৰু বাৰে বাৰে জৰিমনা ভৰি থাকিলে চিবিল স্ক‘ৰ বেয়া হলে আপোনাৰ ভৱিষ্যতলৈ আৰ্থিক লেনদেনত অসুবিধা আহিব পাৰে।
নিষ্ক্ৰিয় একাউন্টত সোমাই থকা ধনৰ পৰা লাভ কৰা সুতৰ পৰিমাণতকৈ যদি আপুনি এই একাউন্ট সমূহ বন্ধ কৰি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে তেন্তে আপুনি একে ধনৰ বিনিময়ত অধিক সুতৰ হাৰত লাভৱান হ‘ব পাৰিব।