পৃথিৱীত মানুহে সুখী হোৱাৰ উদ্দেশ্যেই বহু কাম কৰে। জীৱনত সুখ বিচাৰি পোৱাটো সকলোৰে বাবে কঠিন কাম। বহুতে ভাবে যে জীৱনৰ সকলো লক্ষ্য পুৰণ কৰিলেই তেওঁ সুখী হ’ব কিন্তু বহুতে ভাবে যে প্ৰেমত পৰি সুখী হ’ব পাৰি আৰু বহুতে আকৌ ভাবে যে দামী গাড়ী কিনি সুখী হ’ব পাৰিব তেওঁ। কিন্তু এটা সময়ত সেই মানুহবোৰো হতাশ হৈ পৰে।
অৱশ্যে সুখী হোৱাৰ ৰহস্য কি সেই সন্দৰ্ভত এজন ব্যক্তিয়ে কৈছে যিজন ব্যক্তিক ‘পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি’ বুলি গণ্য কৰা হয়।
মেথিউ ৰিচাৰ্ড , ফ্ৰান্সত জন্মগ্ৰহণ কৰা এজন বৌদ্ধ সন্ন্যাসী। তেওঁক পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি বুলি গণ্য কৰা হয়। তেওঁ দাবী কৰে যে তেওঁ কেতিয়াও দুখী নহয়। অৱশ্যে এয়া কেৱল তেওঁৰ দাবী নহয়, ইতিমধ্যে বিজ্ঞানীসকলেও তেওঁৰ ওপৰত গৱেষণা কৰিছে ৷ যাৰ পৰা গম পোৱা গৈছে যে তেওঁ কেতিয়াও দুখী নহয়। এক প্ৰতিবেদন অনুসৰি শেষবাৰৰ বাবে ১৯৯১ চনত হতাশ হৈছিল মেথিউ। ২০১৬ চনত ৰাষ্ট্ৰসংঘই হেপিনেছ ইনডেক্সৰ প্ৰতিবেদনত মেথিউক বিশ্বৰ আটাইতকৈ সুখী ব্যক্তি হিচাপে ঘোষণা কৰিছিল।
ইউনিলাডৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৭৬ বছৰীয়া মেথিউৰ ওপৰত উইচকনচিন বিশ্ববিদ্যালয়ৰ এজন স্নায়ুবিজ্ঞানীয়ে গৱেষণা কৰিছিল। এই গৱেষণাত মেথিউৰ মূৰত ২৫৬টা চেন্সৰ লগোৱাৰ পিছত দেখা গ’ল যে যেতিয়া ৰিচাৰ্ডে ধ্যান কৰিছিল তেতিয়া তেওঁৰ মগজুত গামা তৰংগৰ সৃষ্টি হৈছিল। এই গামা তৰংগবোৰ মনোযোগ, শিক্ষণ আৰু স্মৃতিশক্তিৰ লগত জড়িত। গৱেষণাত এইটোও দেখা গৈছে যে তেওঁৰ মগজুৰ বাওঁফালৰ প্ৰিফ্ৰন্টেল কৰ্টেক্স সোঁফালৰ তুলনাত অধিক সক্ৰিয়। মগজুৰ সুখী অংশটো অধিক সক্ৰিয় তেওঁৰ ।
ৰিচাৰ্ডে সুখী হোৱাৰ ৰহস্য সন্দৰ্ভত কয় যে এজন ব্যক্তি যদি সুখী হ’ব বিচাৰে তেন্তে তেওঁ নিজৰ কথা চিন্তা কৰা বন্ধ কৰি আনৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিব লাগিব। যেতিয়া এজন ব্যক্তিয়ে আনৰ প্ৰতি মৰম, চিন্তা আৰু দান-বৰঙণিৰ কথা চিন্তা কৰিব, তেতিয়া তেওঁ স্বয়ংক্ৰিয়ভাৱে সুখী হৈ পৰিব। ৰাইজক বক্তৃতা দিওঁতে তেওঁ কয় যে যদি মানুহে প্ৰতিদিনে ১৫ মিনিট ধ্যান কৰি সুখৰ কথাবোৰ চিন্তা কৰে, তেন্তে তেওঁলোকৰ মনবোৰো স্বয়ংক্ৰিয়ভাৱে সুখেৰে ভৰি পৰে। তেওঁ লগতে কয় যে ইয়াৰ বাবে এজন ব্যক্তিয়ে নিজৰ মনটোকো প্ৰশিক্ষণ দিয়াৰ লগতে ৰাতিপুৱাটো সুখেৰে আৰম্ভ কৰিব লাগিব ।