ক’ভিড ১৯ৰ চিকিৎসাৰ বাবদ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ৰোগীৰ পৰা অত্যাধিক হাৰত ধন লৈ আহিছে বুলি সততে অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ যে ভিত্তিহীন নহয় সেই কথা উচ্চতম ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ মন্তব্যই প্ৰমাণিত কৰিছে।
ব্যক্তিগত হাস্পতালবিলাকে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবদ অত্যাধিক ধন আদায় কৰা ঘটনা সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে মন্তব্য প্ৰকাশ কৰিছে যে হাস্পতালবিলাকে ৰোগীক সহায় কৰাৰ দায়িত্ব পাহৰি ধন ঘটা ব্যৱসায়তহে মনোনিৱেশ কৰিছে। এই চিকিৎসালয়সমূহ এক বৃহৎ উদ্যোগত পৰিণত হৈছে।
বিশেষকৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত চৰকাৰী চিকিৎসালয়সমূহ ক’ভিড ৰোগীৰে ভৰি পৰোতে বহুজনে বাধ্য হৈ আত্মীয়সকলক ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰাবলৈ বাধ্য হৈছিল। তাৰোপৰি ক’ভিড হোৱা একাংশ ৰোগী অন্য জটিল ৰোগত আক্ৰান্ত হোৱা বাবে পৰিয়ালে উন্নত চিকিৎসাৰ আশাত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল।
দুৰ্ভাগ্যৰ কথা যে চিকিৎসাক ব্যৱসায়লৈ পৰিণত কৰা কিছু সংখ্যক চিকিৎসালয়ে অত্যাধিক হাৰত ধন লোৱাৰ পাছতো উন্নত চিকিৎসা প্ৰদান কৰা নাই বুলিও একাংশই অভিযোগ কৰিছে।
ৰতন দত্ত আৰু তেখেতৰ পৰিয়াল ক’ভিড আক্ৰান্ত হোৱাত একেলগে এখন চৰকাৰী হাস্পতালত ভৰ্তি হৈছিল। কিন্তু ৰতন দত্ত ডায়েবেটিছ ৰোগী আৰু তেখেতৰ বয়স বেছি বাবে ভাল চিকিৎসাৰ আশাত পৰিয়ালে ব্যক্তিগত খণ্ডৰ হাস্পতাললৈ স্থানান্তৰ কৰে।
ৰতন দত্তই পৰিবাৰক সততে ফোনত অভিযোগ কৰি আছিল যে চৰকাৰী হাস্পতালখনতেই তেখেত ভালে আছিল। দৈনিক ৬ হাজাৰ টকাকৈ লোৱা এটা কোঠাত তেখেতৰ বাবে কোনো উন্নত সুবিধা নাই। দুৰ্ভাগ্যৰ কথা ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি হৈ প্ৰায় ১৩ দিন পাছত দত্তৰ মৃত্যু হ’ল।
পৰিয়ালৰ লোকে মৃতদেহ চমজি ল’বলৈ আহি বিলৰ পৰিমাণ দেখি বিতত হৈ পৰিল। ক’ভিড সংক্ৰান্তীয় বিভিন্ন নিষেধাজ্ঞাৰ বাবে আগতীয়াকৈ তেঁওলোকৰ দ্বাৰা খবৰবোৰ জনাও সম্ভৱ নাছিল। যি কি নহওক, এইটো এজন দত্তৰ কাহিনী। বিলৰ পৰিমাণ দেখি ব্যক্তিগত খণ্ডৰ পৰা চৰকাৰী হাস্পতাললৈ স্থানান্তৰ হোৱা ৰোগীও অসংখ্য।
অৱশ্যে কেৱল ক’ভিডৰ সময়তেই নহয় অন্য সময়তো একাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালে সুবিধা পালেই ৰোগীৰ পৰা অত্যাধিক ধন লোৱাৰ অভিযোগ প্ৰকাশ পাই আহিছে। বিশেষকৈ ৰোগী ভৰ্তি হোৱাৰ লগে লগেই অসংখ্য পৰীক্ষাৰ নামত অত্যাধিক বিল প্ৰস্তুত কৰাৰ অভিযোগ বিভিন্ন ৰোগীয়ে দিয়া দেখা যায়।
চিকিৎসালয়ে যেতিয়া ৰোগীৰ স্বাস্থ্যতকৈ ধন ঘটাৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে তেনে অৱস্থাত চিকিৎসকৰ দ্বাৰা নিঃস্বাৰ্থ সেৱা আশা কৰিব পাৰি নে? ইয়াৰ প্ৰতিকাৰৰ বাবে চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰিবই লাগিব বুলি ভূক্তভোগীয়ে দাবী জনাই আহিছে। লগতে তেঁওলোকে চৰকাৰী হাস্পতালৰ ব্যাপক উন্নয়নো বিচাৰে।