ছালকুঁৱৰী কেকটাছ জাতীয় উদ্ভিদ। ইংৰাজী নাম Aloe . দেখিবলৈ বৰ ধুনীয়া। ছালকুঁৱৰীৰ পাত মাটিকঁঠালৰ পাততকৈ সৰু আৰু যথেষ্ঠ ডাঠ। পাত বীজলুৱা ৰসেৰে পৰিপূৰ্ণ হৈ থাকে। এই ৰস অতি ঠাণ্ডা আৰু তিতা।পাত ভাঙিলে বীজলুৱা ৰস ওলায়। পাতৰ ছাল সেউজীয়া আৰু নিমজ।পাতৰ কাষত কাঁইট থাকে। ছাল কুঁৱৰী সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰা হয়।
১) ছালকুঁৱৰীৰ ৰসে ছালৰ বিভিন্ন ৰোগ ভাল কৰে ।
২) ছালকুঁৱৰীৰ ৰস চুলিত লগালে চুলিত টনিকৰ কাম কৰে।
৩) ইয়াৰ ৰস ছালত সানিলে ছাল নিমজ হয়।
৪) মুখত ক’লা দাগ পৰিলে ছালকুঁৱৰীৰ পাতৰ ৰস লগাই দহ মিনিট সময় ৰাখি ঠাণ্ডা পানীৰে ধুই দিলে ক’লা দাগ আঁতৰ হয়।
৫) জুয়ে পোৰা ঘা বা গৰম পানীয়ে পুৰিলে ছাল কুঁৱৰীৰ ৰস লগালে আৰাম পোৱা যায়।
৬) ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
৭) ছালকুঁৱৰী মূৰত ভৰণ দিলে জ্বৰৰ উত্তাপ কমে।
৮) বহুমূত্ৰ , মেলেৰীয়া প্ৰতিৰোধ কৰে।
৯) ছালকুঁৱৰীৰ পাতৰ ৰস কৰ্কট ৰোগৰ বাবে উপকাৰী।
১০) ছালকুঁৱৰীৰ ৰসে যকৃত শক্তিশালী কৰে।