লোকচাক্ষুৰ সন্মুখলৈ আহিছে পৰ্যটনৰ উপযোগী মেঘালয়ৰ এখন সুন্দৰ গাঁও । গাঁওখনৰ নাম কংথং গাঁও(Kongthong village)। উল্লেখযোগ্য বিষয় যে পৰ্যটন মন্ত্ৰালয়ে এই গাঁওখনক বিশ্ব পৰ্যটন সংগঠনৰ সৰ্বশেষ্ঠ পৰ্যটন গাঁও “Best Tourism Villages” হিচাপে মনোনিত কৰিছে। এই গাঁওখনক সুহুঁৰি গাঁও ‘Whistling village’ হিচাপেও জনা যায়।
উল্লেখযোগ্য যে কংথং গাঁওৰ লোকসকলে কোনো লোকক মাতিবলৈ হ’লে নাম কাঢ়ি নামাতি এক বিশেষ সুৰতহে মাতে।আমোদজনক বিষয় যে এই ঠাইৰ কোনো এগৰাকী মাতৃয়ে নিজৰ সন্তানক মাতিবলৈ হ’লে এক বিশেষ ধৰণে ‘’ ইঅ’উউউ ” ‘‘অ’ইইই ” আদি শব্দবোৰত সুৰ তুলি মাতে।
জানিবলৈ পোৱা মতে কংথংৰ লোকসকলৰ দুই প্ৰকাৰৰ নাম থাকে। এবিধ নিয়মিত ঘৰত মতা নাম আৰু আনবিধ গানৰ নাম। আনহাতে গানৰ নামৰো দুটা ভাগ আছে। এইয়া হৈছে এক চুটি গানৰ নাম আৰু এক দীঘল গানৰ নাম। চুটি বা লঘু গানৰ নামসমূহ ঘৰত থকা সময়ত প্ৰয়োগ কৰা হয় । আনহাতে দীঘল গানৰ নামসমূহ কোনো জয়াল ঠাই বা জংঘলত বেয়া কোনো শক্তিক আঁতৰাই ৰাখিবলৈ প্ৰয়োগ কৰা হয়।
উল্লেখযোগ্য যে এই গানৰ নামবোৰক কংথং গাঁওত জিংগৰৱাই লাওবেই (jingrwai Iawbei) বুলি জনা যায়। প্ৰাপ্ত তথ্য অনুসৰি এই গাঁওত জনবসতি অতি পাতল। প্ৰায় ৭০০ মানুহ হে বাস কৰে এই গাঁওখনত। এই গাঁওখন অষ্টম শ্ৰেণীলৈকে পঢ়িব পৰাকৈ এখন বিদ্যালয় আছে আৰু গাঁওৰ পৰা তিনি কিলোমিটাৰ আঁতৰত এখন মাধ্যমিক বিদ্যালয় আছে। আনহাতে উচ্চ শিক্ষাৰ বাবে লোকসকলে শ্বিলঙলৈ যাব লগীয়া হয়।
২০১৯ চনত বিহাৰৰ ৰাজ্যসভাৰ সাংসদ ৰাকেশ শিনহাই কংথং গাঁওৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল।এই বিষয়ে তেঁও টুইটাৰতো উল্লেখ কৰিছে –
পৰ্যটন মন্ত্ৰালয়ে কংথং গাঁওক সৰ্বশেষ্ঠ পৰ্যটন গাঁও “Best Tourism Villages” হিচাপে মনোনিত কৰাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মেঘালয়ৰ মুখ্যমন্ত্ৰী ক’নৰাড চাংমাক শুভেচছা জ্ঞাপন কৰে। সীতাৰমণে টুইটাৰ যোগে প্ৰেৰণ কৰে এই বাৰ্তা।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত মুখ্যমন্ত্ৰীগৰাকীয়ে কংথংৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে এক কোটি টকা দিয়াৰ আশ্বাস প্ৰদান কৰিছিল।