আজি ‘বনফুল’ৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ ওপজা দিন । ১৮৯২ চনৰ আজিৰ দিনটোতেই শিৱসাগৰৰ আমোলাপট্টীত তেওঁৰ জন্ম । পিতৃ শ্যাম সুন্দৰ দুৱৰা আৰু মাক পুণ্যদা দুৱৰা । পাৰস্যৰ বিখ্যাত কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ৰ ভাবানুবাদ ‘ওমৰ তীৰ্থ’ তেওঁৰ অমৰ কীৰ্তি । তেওঁ আছিল সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক । তেওঁৰ সৃষ্টিৰাজি আছিল বনফুল, কথা-কবিতা, আপোন সুৰ, মিলনৰ সুৰ, মৰমৰ সুৰ আৰু ওমৰ তীৰ্থ ।১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনৰ তেওঁ সভাপতি আছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।