মহৰ প্ৰাদুৰ্ভাৱৰ পৰা হাত সাৰিবলৈ আপুনি যিমানেই সুৰক্ষিত স্থানত নাথাকক কিয়, সুযোগ পালেই আপোনাক কামোৰে । সাধাৰণতে মহে কামোৰাৰ পিছত সেই অংশত খজুৱতি হয় আৰু ৰঙচুৱা হৈ ফুলি উঠে। বহু ক্ষেত্ৰত মহৰ কামোৰৰ পৰা এলাৰ্জী আৰম্ভ হয়। গোটেই শৰীৰত খজুৱতি হয় ৷ বহু লোকৰ নখেৰে খোঁচ মাৰিলেও ছালত ৰঙচুৱা দাগ পৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘স্কিটাৰ্ছ চিনড্ৰম’ বুলি কোৱা হয়। এনে ক্ষেত্ৰত ছালত মহৰ ধূপ, তেল বা মহ প্ৰতিৰোধী ক্ৰীম লগোৱাৰ উপৰিও ছালৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ প্ৰতি গুৰুত্ব দিব লাগে।
মহৰ কামোৰাৰ দাগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
১) নিম পাত পিহি মৌৰ লগত ভালদৰে মিহলাই লওক। এইবাৰ এই মিশ্ৰণটো ৰঙচুৱা বা ফুলি উঠা স্থানত লগাব। কিছু সময় লগোৱাৰ পাছত টাৱেলেৰে মচি দিব। এনে অৱস্থাত পানীত নিম তেল দিও গা ধুব পাৰে।
২) তুলসীৰ পাত কেইটামান আৰু অলপ কেঁচা হালধি একেলগে পিহি লওক। মহৰ কামোৰৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ঠাইত এই মিশ্ৰণ প্ৰয়োগ কৰিব লাগে। নিয়মীয়াকৈ প্ৰয়োগ কৰিলে সোনকালে এই সমস্যা দূৰ হ’ব ৷
৩) এলোভেৰা জেলত কেইটোপালমান মৌ আৰু কেঁচা হালধি মিহলাইও ৰঙচুৱা হোৱা স্থানত লগাব পাৰে ৷