ক’ভিড ১৯ৰ বিৰুদ্ধে ১ কোটিতকৈও অধিক লোকক সম্পূৰ্ণৰূপে টীকাকৰণ কৰি সোমবাৰে মহাৰাষ্ট্ৰই দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অভিলেখ গঢ়িলে।
মহাৰাষ্ট্ৰৰ অতিৰিক্ত মুখ্য স্বাস্থ্যসচিব ড° প্ৰদীপ ব্যাসে কয় যে ৰাজ্যখনত প্ৰথম পালি ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যাই ১,০০,৬৪,৩০৮ জন অতিক্ৰম কৰিছে।
সোমবাৰে আবেলি ৪ বজালৈকে ৰাজ্যখনৰ ৪,১০০ টা টীকাকৰণ কেন্দ্ৰৰ জৰিয়তে ৩,৭৫,৯৭৪ জন লোকক টীকাকৰণ কৰা হৈছে বুলি অন্যান্য স্বাস্থ্যবিষয়াসকলে উল্লেখ কৰে।
“এক কোটিতকৈও অধিক লোকক কোভিড-১৯ ভেকছিনৰ দুয়োটা পালি প্ৰদান কৰাৰ পিছত ৰাজ্যখনে এক অভিলেখ গঢ়িছে আৰু তেওঁলোকক ভাইৰাছটোৰ বিৰুদ্ধে সম্পূৰ্ণ সুৰক্ষা দিয়া হৈছে”- এই মন্তব্য কৰি স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে স্বাস্থ্য কৰ্মী আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ কামৰ প্ৰশংসা কৰে।