বিজ্ঞান আৰু প্ৰযুক্তিয়ে আজিৰ যুগত মানুহৰ ক্ষেত্ৰত প্ৰত্যাহ্বান যথেষ্ট বৃদ্ধি কৰিছে। উচ্চাকাংক্ষা আৰু প্ৰতিযোগিতাৰ পৃথিৱীত প্ৰতিজন মানুহেই তেওঁলোকৰ কেৰিয়াৰৰ দিশত আগবাঢ়ি যাবলৈ কঠোৰ পৰিশ্ৰম কৰে। বহুসময়ত মানুহে নিজকে সৰ্বশ্ৰেষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ কিবা আপোচ কৰিবলৈকো চিন্তা নকৰে ।হয়তো সেয়েহে দিনৰ সময়ছোৱাৰ ওপৰিও বহু মানুহে নিশাৰ ভাগতো কাম কৰে বা কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰে ৷
কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক প্ৰতিবেদন অনুসৰি নিশাৰ ভাগত কাম কৰাটো অতি বিপদজনক বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি নিশাৰ ভাগত কাম কৰিলে মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হ’ব পাৰে।
‘টিভি৯ হিন্দী’ৰ এক প্ৰতিবেদন অনুসৰি, দীঘলীয়া সময়ৰ বাবে নিশাৰ শ্বিফ্টত কাম কৰা মহিলাসকলৰ স্তন কৰ্কট ৰোগৰ আশংকা বহুগুণে বৃদ্ধি হয়। অৱশ্যে ইতিমধ্যে এই বিষয়ে বিশ্বজুৰি বহু প্ৰকাৰৰ গৱেষণা কৰা হৈছে। আনহাতে ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্চিটিৰ দ্বাৰা কৰা এক গৱেষণাতো এই কথা প্ৰকাশ পাইছে। এই গৱেষণাত, দেখা গৈছিল যে নিশাৰ ভাগত কাম কৰা সকলৰ ছালৰ কৰ্কট ৰোগৰ লগতে হাঁওফাঁওৰ কৰ্কট আৰু স্তনৰ কৰ্কট ৰোগৰ আশংকা দেখা যায়।
যেতিয়া এগৰাকী নাৰীয়ে নিশা কাম কৰে তেতিয়া তেওঁ পোহৰৰ সন্মুখীন হয় । যি মহিলাগৰাকীৰ চাৰ্কাডিয়ান ছন্দত বিভ্ৰান্তিৰ সৃষ্টি কৰে আৰু তেওঁৰ শৰীৰত প্ৰলেক্টিন, গ্লুকোকৰ্টিকইড, এড্ৰেনোকৰ্টিকোট্ৰপিক হৰমন, চেৰোটনিন আৰু মেলাটোনিনকে ধৰি বহুতো হৰমনৰ প্ৰবাহ প্ৰভাৱিত কৰে। সঘনাই নিশা হোৱা এই পোহৰৰ স্থানান্তৰে শৰীৰত মেলাটোনিন সংশ্লেষণত বাধা দিয়ে, যি এষ্ট্ৰোজেনৰ স্তৰ বৃদ্ধি কৰে। সেয়েহে ই স্তনৰ কৰ্কটৰোগৰ আশংকা বৃদ্ধি কৰে।
আনহাতে আন এটি গুৰুত্বপূৰ্ণ কথা হ’ল যে ৰাতি কাম কৰা মহিলাসকলেও চাপৰ পৰা পৰিত্ৰাণ পাবলৈ ধূমপান আৰম্ভ কৰে। যাৰ ফলত স্তনৰ কৰ্কট ৰোগৰ আশংকা আৰু অধিক বৃদ্ধি হয়। স্তনৰ কৰ্কট ৰোগৰ পৰা ৰক্ষা পাবলৈ হ’লে মহিলা সকলে নিশাৰ ভাগত কাম কৰা পৰিহাৰ কৰিব লগিব। যদি ৰাতি কাম কৰিবই লাগে তেন্তে দিনত কমেও ৭/৮ ঘণ্টা শুব লাগিব মহিলাগৰাকী । ইয়াৰ লগতে স্বাস্থ্যসন্মত আহাৰো গ্ৰহণ কৰা উচিত প্ৰতিগৰাকী মহিলাই ।