কেন্দ্ৰীয় লোকসেৱা আয়োগ অৰ্থাৎ ‘ইউপিএছচি’ক দেশৰ আটাইতকৈ সন্মানীয় পৰীক্ষা হিচাপে গণ্য কৰা হয়। প্ৰতি বছৰে ভাৰতৰ লাখ লাখ যুৱক-যুৱতী এই পৰীক্ষাত অৱতীৰ্ণ হয় ৷ অৱশ্যে তেওঁলোকৰ মাজৰ কেইজনমানেহে এই সন্মানীয় পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয় । কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো অতি কঠিন। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ এই পৰীক্ষাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল একাগ্ৰতা আৰু সংকল্প ৷ সেয়েহে সেই মনোবল থকা লোকসকলহে এই কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সমৰ্থ হয় ।
এই পৰীক্ষাত নিজৰ মনোবল আৰু ইচ্ছাশক্তিৰ বাবেই উত্তীৰ্ণ হৈছে ভাৰতৰ এজন যুৱক ৷ যি বৰ্তমান বহু জনৰ বাবে এক আদৰ্শ কিম্বা সাহস ৷ এই কাহিনী হৈছে বৰ্তমান সময়ত ভাৰতৰ এজন আইএএছ বিষয়া নিৰীশ ৰাজপুতৰ ৷ যি তেওঁৰ দৃঢ় সংকল্প আৰু প্ৰবল ইচ্ছাশক্তিৰ বাবেই আৰ্থিক সীমাবদ্ধতা অতিক্ৰম কৰি নিজকে সফল কৰি তুলিবলৈ সক্ষম হৈছে ৷
মধ্য প্ৰদেশৰ বাসিন্দা, নিৰীশ এনে এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল য’ত আৰ্থিক সমস্যা শিক্ষাৰ ক্ষেত্ৰত আছিল প্ৰধান অন্তৰায় । তেওঁৰ বিষয়ে ইতিমধ্যেই সংবাদ মাধ্যমৰ প্ৰতিবেদনত দেখুওৱা হৈছে যে কেনেকৈ তেওঁৰ দৰ্জী পিতৃয়ে কেতিয়াবা ঘৰ চলাবলৈ টকা ধাৰলৈ ল’ব লগা হৈছিল। কঠোৰ পৰিশ্ৰম কৰা স্বত্বেও তেওঁৰ দেউতাকৰ দুৰ্বল বিত্তীয় অৱস্থা দেখি নিৰীশে যিকোনো পৰিস্থিতিত ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সংকল্প লৈছিল ।
চৰকাৰী বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰা নীৰিশৰ বাবে উন্নত শিক্ষা গ্ৰহণ কৰাটো ইমান সহজ কথা অৱশ্যেই নাছিল। তেওঁৰ মাচুল যেন পৰিয়ালটোৰ বাবে বোজা হৈ পৰিছিল তেনে অনুভৱ কৰি নিৰীশে তেওঁৰ গাঁৱৰ পৰা গোৱালিয়ৰলৈ গৈ তাত চাকৰিত যোগদান কৰিছিল আৰু তাত তেওঁ বিএছচি আৰু এমএছচি অধ্যয়ন কৰিছিল। পৰীক্ষাৰ নোটছ সংগ্ৰহ কৰিবলৈ তেওঁৰ পৰ্যাপ্ত ধনৰ অভাৱ আছিল। পঢ়াৰ খৰছ উলিয়াবৰ বাবে কাগজ বিক্ৰী কৰা এইজন যুৱকে ইমান সংগ্ৰামৰ মাজতো বিএছচি আৰু এমএছচি দুয়োটা পৰীক্ষাতেই শীৰ্ষস্থান দখল কৰিছিল।
ইউ.পি.এছ.চি.-ৰ বাবে প্ৰস্তুতি চলাই থকা সময়ছোৱাত নিৰীশ ৰাজপুতে এজন বন্ধুৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত শিক্ষকতাৰ কাম কৰিছিল। অৱশ্যে, দুবছৰ পিছত তেওঁৰ বন্ধুৱে তেওঁক সেই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বৰ্খাস্ত কৰিছিল আৰু নিৰীশে তেতিয়া নিজৰ ভাগ্য সলনি কৰিবলৈ দিল্লীলৈ গুচি গৈছিল।
নিৰীশে কৈছিল যে তেওঁ ৰাষ্ট্ৰীয় ৰাজধানীত এজন বন্ধুৰ পৰা নোটছ ধাৰে লৈছিল। প্ৰশিক্ষণ গ্ৰহণৰ বাবে ধন নথকাৰ বাবে নিৰীশে নিজেই ঘৰতে অধ্যয়ন কৰিছিল। অৱশ্যে এই সকলোবোৰৰ মাজতে তেওঁ তিনিবাৰকৈ এই পৰীক্ষাত বিফল হৈছিল ৷ কিন্তু প্ৰবল ইচ্ছাশক্তি আৰু মনোবলৰ বাবেই তেওঁ অৱশেষত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সৰ্বভাৰতীয় পয্যায়ত ৩৭০তম স্থানত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল।