দেশজুৰি কৰ’নাৰ দ্বিতীয় ঢৌৰ গতি কিছু অৱনমিত হৈছে যদিও পুনৰ অন্য এক খবৰে এতিয়া শংকিত কৰিছে দেশবাসীক।যিহেতু দ্বিতীয় ঢৌৰ পিছতেই এতিয়া আহিছে ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা।আৰু এই ঢৌত দৈনিক ৪-৫ লাখকৈ লোক ক’ভিডত সংক্ৰমিত হ’ব বুলি নীতি আয়োগে(Niti Aayog) সতৰ্কবাণী দিছে।
নীতি আয়োগৰ সদস্য ভি কে পলে ভাৰত চৰকাৰলৈ আগবঢ়াইছে কিছু পৰামৰ্শ।এই পৰামৰ্শত সংস্থাটোৱে ভৱিষ্যতে প্ৰতি ১০০ টা কৰ’না সংক্ৰমণৰ বিপৰীতে ২৩ গৰাকী ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগিব বুলি উল্লেখকৰিছে।আৰু তাৰবাবে চৰকাৰক সম্পূৰ্ণ সাজু থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।
ইয়াৰপূৰ্বে ক’ভিডৰ দ্বিতীয় ঢৌক লৈও এই সংস্থাটোৱে চৰকাৰক সতৰ্কবাণী কৰিছিল আৰু সেইমৰ্মে দ্বিতীয় ঢৌৰ সময়ত দৈনিক ২০ % ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হ’ব বুলি উল্লেখ কৰিছিল যদিও পৰৱৰ্তী সময়ত ধাৰণা কৰাতকৈ অধিক হোৱা দেখা গৈছিল।
ইতিমধ্যে সংস্থাটোৱে কৰা ভৱিষ্যত বাণী অনুসৰি অৰ্থাৎ বিগত ১ জুনত দেশত ক’ভিড সংক্ৰমণ চূড়ান্ত পৰ্যায়ত থকাৰ সময়ত ১০ খন ৰাজ্যৰ চিকিৎসালয়ত ২১.৭৪ % লোক ভৰ্তি হোৱাৰ প্ৰয়োজন হৈছিল।আৰু ইয়াৰে ২.২ % লোক আইচিইউত ভৰ্তি হ’বলগীয়া হৈছিল।
বিশেষকৈ এই বৰ্ষৰ এপ্ৰিল-জুন মাহত দেখা দিয়া ক’ভিড সংক্ৰমণৰ ওপৰত ভিত্তি কৰি নীতি আয়োগে পৰামৰ্শ আগবঢ়াই কৈছে যে আমি আৰু অধিক বেয়া পৰিস্থিতিৰ বাবে সাজু হ’বৰ হ’ল।এইক্ষেত্ৰত আয়োগে দৈনিক ৪-৫ লাখ লোক সংক্ৰমণৰ আশংকা কৰিছে।অৰ্থাৎ অহা মাহৰ ভিতৰত ২ লাখ আইচিইউ যুক্ত বিচনা সাজু ৰাখিবলৈ চৰকাৰক পৰামৰ্শ আগবঢ়াইছে।
য’ত ভেন্টিলেটৰৰ সৈতে ১.২ লাখ আইচিইউ বিছনা, ৭ লাখ নন-আইচিইউ বিছনা সাজু কৰি ৰাখিব লাগিব। ইয়াৰ ভিতৰত ৫ লাখ অক্সিজেন যুক্তবিছনা আৰু ১০ লাখ ক’ভিড আইচ’লেচন কেয়াৰ বিছনা সাজু ৰাখিবলৈও পৰামৰ্শ আগবঢ়াইছে।