এতিয়া বিভিন্ন শাক-পাচলিৰ লগতে বজাৰত উভৈনদী হৈ পৰিছে পটল ৷ কিন্তু জনপ্ৰিয়তাৰ ক্ষেত্ৰত বাকী শাক-পাচলিতকৈ বহু পিছ পৰি আছে পটল । স্বাস্থ্যসন্মত শাক-পাচলিৰ কথা ভাবিলে পটলৰ নাম সহজে মনলৈ নাহে। পটল খাবলৈ বহু লোকে পচন্দ নকৰিলেও ই অত্যন্ত স্বাস্থ্যৱান ৷ পটলৰ দৰে উপকাৰিতা বহু শাক-পাচলিৰ নাই ৷ ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ পটলে বহুতো শাৰীৰিক সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰে। পটল খালে কি কি ৰোগৰ পৰা বাচি থাকিব পাৰি জানো আঁহক ৷
ৰোগৰ বিৰুদ্ধে যুঁজে
পটলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন-চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বিভিন্ন সংক্ৰমণৰ সম্ভাৱনা কমোৱাতো সহায় কৰে। বিশেষকৈ ঋতু পৰিবৰ্তনৰ সময়ত চৰ্দি আৰু জ্বৰ প্ৰতিৰোধৰ বাবে পটল উপযোগী হ’ব পাৰে। যকৃতৰ সমস্যাত ভুগি থকা লোকৰ বাবেও পটল অতি উপকাৰী।
ওজন নিয়ন্ত্ৰণ
পটলত পোৱা আঁহ হজম হ’বলৈ বহু সময় লাগে। ফলত পটল খালে বহুসময়লৈ ভোক নাথাকে। তদুপৰি ১০০ গ্ৰাম পটলত মাত্ৰ ২০ গ্ৰাম কেলৰি থাকে। ফলত যিসকলে ওজন কমাবলৈ চেষ্টা কৰাসকলৰ বাবে পটল অতি উত্তম ৷
কলেষ্টেৰল হ্ৰাস কৰিবলৈ
পটলে বেয়া কলেষ্টেৰল বা এল ডি এল হ্ৰাস কৰাত সহায় কৰে আৰু তেজত ভাল কলেষ্টেৰল বা এইচ ডি এল বৃদ্ধি কৰে। ফলত হৃদযন্ত্ৰ সুস্থ হৈ উঠে। ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পায়। কলেষ্টেৰল ৰোগীয়ে নিয়মিতভাৱে পটল খাব পাৰে।
ডায়েবেটিছ নিয়ন্ত্ৰণ
ডায়েবেটিছ ৰোগীৰ বাবে পটল অতি উপযোগী। পটলত ফ্লেভিন’ইড জাতীয় উপাদান থাকে। ইয়াত ক’পাৰ, পটাছিয়াম, মেগনেছিয়াম থাকে। তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত এই উপাদানসমূহ অতি ফলপ্ৰসূ।