অফিচ, ঘৰ, ব্যক্তিগত দায়িত্ব, সকলোবোৰ নিজৰ বাবে সময় নোহোৱাকৈয়ে সম্পন্ন কৰা হয় । নিজকে সময় দিয়া, নিজৰ যত্ন লোৱাৰ এটা গুৰুত্বপূৰ্ণ উপায় হ’ল পৰ্যাপ্ত টোপনি। সামগ্ৰিক স্বাস্থ্য টোপনিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সুস্থ হৈ থাকিবলৈ টোপনিৰ বিকল্প নাই। কিন্তু কামৰ চাপৰ বাবে বহুতে কম পৰিমাণৰ টোপনি যায় । ৰাতি চিনেমা আৰু ধাৰাবাহিক চোৱাৰ অভ্যাসে টোপনি বিঘ্নিত কৰে। মুঠতে ফিট হৈ থাকিবলৈ যি কৰিব লাগে তাতকৈ কম টোপনি আহে । বহুদিন এনেদৰে চলি থাকিল গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷চেষ্টা কৰিলেও ৭ৰ পৰা ৮ ঘণ্টা টোপনি নাহে। শৰীৰটো সবল কৰি ৰাখিবলৈ, ৰোগৰ আশংকা কম কৰিবলৈ, ওজন নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে আমাক পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। দিনটোত কমেও ৭ৰ পৰা ৮ ঘণ্টা টোপনি কেনেকৈ মাৰিব পাৰি জানো আহক ।
১) অনিদ্ৰাৰ সমস্যা দূৰ কৰিবলৈ কেফেইনৰ পৰিমাণ কম কৰিব লাগে। চাহ, কফিত কেফেইন থাকে। কেফেইনত থকা এডিন’চিন যৌগটোৱে টোপনি ৰোধ কৰে। গতিকে সন্ধিয়াৰ পিছত চাহ-কফি নাখালে ভাল।
২) ৰাতি লঘু আহাৰ খোৱাৰ অভ্যাস কৰক। বহুতে ৰাতি গধুৰ খাদ্য খায়। গধুৰ খাদ্য হজম হ’বলৈ বেছি সময় লাগে। শুই উঠাৰ আগতে শৰীৰে হজম শক্তিৰ বাবে অতিৰিক্ত শক্তি খৰচ কৰিব লগা হয়। সেয়েহে টোপনিৰ চক্ৰটো বিঘ্নিত হয়। ৰাতিৰ আহাৰ যিমানেই লঘু হ’ব সিমানেই ভাল।
৩) মানসিক চাপ আৰু অনিদ্ৰাৰ সম্পৰ্ক অতি ঘনিষ্ঠ। যদি মানসিক চাপৰ সমস্যা হয়, তেন্তে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। ধ্যান, প্ৰাণায়াম, যোগাসনে টোপনিৰ সমস্যা দূৰ কৰে। এইবোৰ নিয়মিতভাৱে প্ৰতিদিনে অভ্যাস কৰিলে মানসিক চাপ আৰু অনিদ্ৰাৰ পৰা উপশম পাব পাৰি।
৪) প্ৰতিদিনে শোৱাৰ আগতে এটা নিৰ্দিষ্ট অভ্যাস গঢ়ি তুলিব পাৰে। কিতাপ পঢ়িব পাৰে, দৈনিক লিখিব পাৰে। যদিও আপাত দৃষ্টিত তুচ্ছ, এই ধৰণৰ অভ্যাস দীৰ্ঘম্যাদীভাৱে অনিদ্ৰা দূৰ কৰাত উপকাৰী।
৫) শোৱাৰ কেইঘণ্টামান আগতে ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ বন্ধ কৰক। শোৱাৰ এঘণ্টা আগতে লেপটপ, টেলিভিছন বা ফোন স্ক্ৰীণত চকু একেবাৰেই ৰাখিব নালাগে।