বয়সৰ লগে লগে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয় ৷ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত অষ্টিঅ’পৰ’ছিছ হয়। হাড়ৰ যত্নৰ কথা আহিলে প্ৰথমে মনলৈ আহে কেলচিয়াম সমৃদ্ধ খাদ্য খোৱা। হাড় সুস্থ কৰি ৰাখিবলৈ কেলচিয়াম সমৃদ্ধ খাদ্য খাব লাগে বুলি কোৱা কথাষাৰত কোনো ভুল নাই। কিন্তু কেৱল কেলচিয়ামযুক্ত খাদ্য খালেই হাড়বোৰ ভাল থাকেনে ? হাড়ৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ কেলচিয়ামৰ উপৰিও আন পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়।
ভিটামিন কে
হাড়ৰ সুস্বাস্থ্য বজাই ৰখাৰ বাবে ভিটামিন কে অতি প্ৰয়োজনীয়। ভিটামিন কেয়ে হাড়ত কিমান কেলচিয়াম জমা হয় সেইটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন কে লাভ কৰিবলৈ ব্ৰকলি, কচু, কবি আৰু বিলাহী খাব লাগে ৷
ভিটামিন ডি
ভিটামিন কেৰ লগতে হাড়ৰ ঘনত্ব বৃদ্ধিৰ বাবে ভিটামিন ডিও অতি গুৰুত্বপূৰ্ণ। ভিটামিন ডি অবিহনে শৰীৰে কেলচিয়াম শোষণ কৰিব নোৱাৰে। পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি অবিহনে খাদ্যত থকা কেলচিয়ামৰ ১০-১৫ শতাংশহে শোষিত হয়। ভিটামিন ডি লাভ কৰিবলৈ দিনটোত কমেও ১৫ মিনিট সূৰ্যৰ পোহৰ লওক। সৰিয়হ, কচু আদি খাদ্য হিচাপে গ্ৰহণ কৰাক ৷
কেৱল কোষৰ বৃদ্ধিৰ বাবেই প্ৰটিন গুৰুত্বপূৰ্ণ নহয়। পৰ্যাপ্ত পৰিমাণে প্ৰটিনযুক্ত খাদ্য খোৱাৰ ফলতো হাড় ভংগুৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় বিভিন্ন ধৰণৰ দাইল, বীন, মাংস, কণী, দুগ্ধজাত খাদ্য খালে প্ৰটিনৰ অভাৱৰ পুৰণ হয় ৷
মেগনেছিয়াম
হাড়ৰ অন্তৰ্স্থলী গ্ৰন্থিত মেগনেছিয়াম থাকে।মেগনেছিয়ামে অষ্টিঅ’পৰ’ছিছৰ দৰে ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে। বিভিন্ন ধৰণৰ গুটি, বাদাম আৰু শস্যজাতীয় খাদ্যত মেগনেছিয়াম পোৱা যায়।
ভিটামিন চি
হাড়ৰ সঠিক বৃদ্ধিৰ বাবে ভিটামিন চিৰ প্ৰয়োজন। ইয়াৰ উপৰিও ইয়াত থকা এন্টি অক্সিডেন্টবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও হাড়ৰ ৰোগৰ সামগ্ৰিক সম্ভাৱনাও হ্ৰাস কৰে। গতিকে শীতকালত নিয়মিতভাৱে কমলা আৰু নেমু খাব লাগে।