তিনিমাহৰ অন্তত এটি প্ৰবাসী ভাৰতীয় পৰিয়ালে কৰ্মস্থান আৰবলৈ উভতি যাবলৈ সক্ষম হ’ল।যোৱা ১৮ এপ্ৰিলত চিকিৎসক ডাঃ হৰিথা পটো আৰু তেওঁৰ স্বামী শ্ৰী নিবাস ৰেড্ডী আৰু পুত্ৰ সঞ্জিত ৰেড্ডী এই তিনিজনীয়া পৰিয়ালটো পিতৃৰ শেষকৃত্য অনুষ্ঠানৰ বাবে ভাৰতলৈ আহিছিল।কিন্তু কৰ‘না পৰিস্থিতিৰ বাবে সকলো বিমান সেৱা বন্ধ কৰি দিয়াত আৱদ্ধ হৈ পৰিছিল পৰিয়ালটো।
এমাহ পূৰ্বে আৰবৰ ডাঃ ইছমাইল হেলথ কেয়াৰ গ্ৰুপৰ শিশু ৰোগ বিভাগৰ চিকিৎসক ডাঃ হৰিথা পটোৱে খবৰ লাভ কৰিলে যে আৰবৰ হেলথ কেয়াৰ গ্ৰুপৰ সৈতে জড়িত সকলো চিকিৎসক আৰু নাৰ্চক বিনামূলীয়াকৈ বিমান সেৱা আৰম্ভ কৰিছে।
যিহেতু কৰ’নাৰ বাবে যিসকল লোক আৰবৰ বাহিৰত আৱদ্ধ হৈ আছিল তেওঁলোকক পুনৰ আৰবলৈ ঘূৰাই আনিবলৈ এয়াৰ আৰবীয় বিমান কৰ্তৃপক্ষই এই প্ৰচেষ্টা হাতত লৈছে।
এই খবৰ পাই তিনিমাহ ধৰি ভাৰতত আৱদ্ধ হৈ থকা পৰিয়ালটোৱে আৰবীয় এয়াৰ বিমান কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। আৰু অৱশেষত ৩ আগষ্টৰ দিনা ১৮০ খন আসনযুক্ত বৃহৎ বিমানত বিনামূল্যে পৰিয়ালটো আৰবত উপস্থিত হবলৈ সক্ষম হ’য়।
সংযুক্ত আৰবত এইসময়ত চিকিৎসকৰ প্ৰয়োজন হৈছে আৰু সেইবাবেই পৰিয়ালটোক এয়াৰ আৰবীয় এয়াৰলাইনছে সকলো চৰকাৰী অনুমতি আৰু বিধি ব্যৱস্থা কৰি হাইদৰাবাদৰ পৰা আৰবলৈ লৈ যায়।