মানুহ সৌন্দৰ্য প্ৰিয়। নিজকে সজাই পৰাই ধুনীয়া হৈ থাকিব বিচৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। আদিম যুগত সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত প্ৰকৃতিৰ বিভিন্ন গছ-বনৰ ব্যৱহাৰ কৰা দেখা গৈছিল। প্ৰকৃতিৰ বিভিন্ন সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা কৰাৰ ফলত দেখিবলৈ ধুনীয়া হোৱাৰ লগতে নানা ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰাত সহায়ক হয়।
প্ৰাচীন কালৰে পৰা ভাৰত তথা বিশ্বৰ বিভিন্ন দেশত উৎসৱ-পাৰ্বণত জেতুকা বা মেহেন্দি সৌন্দৰ্য চৰ্চাৰ আহিলা ৰূপে ব্যৱহাৰ হৈ আহিছে।জেতুকা চিৰসেউজীয়া জোপোহা জাতীয় গছ। জেতুকা নাৰীৰ বৰ আদৰৰ বস্তু । বাপতি সাহোন ৰঙালী বিহুত ডেকা-গাভৰুৱে হাত -ভৰিত জেতুকাৰ ৰং লগাই মন-প্ৰাণ সজীৱ কৰি নতুন আশাৰ সপোন ৰ’চে। সেৱেহে বিহু গীতত গোৱা হয়——–
“হাততে জেতুকা, ভৰিতে জেতুকা, মোৰে মন কেনেবা কৰে ,
নাচনীৰ চকুলৈ চাবকে নোৱাৰি, চকুত চাতে মাৰি ধৰে”।
অতীজৰে পৰাই বিভিন্ন লোক – সংস্কৃতিত জেতুকা ব্যৱহৃত হৈ আহিছে । মহাৰাষ্ট্ৰত নাৰী সকলে উৎসৱ -পাৰ্বণত হাত -ভৰিৰ তলুৱা , নখ আৰু কপালত জেতুকা ব্যৱহাৰ কৰে। গুজৰাটী , ৰাজস্থানী মহিলাই বিভিন্ন উৎসৱত জেতুকা লগায়। ৰাজস্থানী দৰা-কইনাই জেতুকাৰ ৰং ব্যৱহাৰ কৰাটো অপৰিহাৰ্য । কাশ্মীৰৰ দৰা- কইনাই মুখত জেতুকাৰ ৰং লগোৱা সাধাৰণ নিয়ম। উত্তৰ প্ৰদেশত বিবাহিতা নাৰী সকলে শাওণ মাহত জেতুকাৰ বোলেৰে শৰীৰত চিত্ৰ অংকণ কৰি আনন্দৰ পৰিবেশ সৃষ্টি কৰে।
জেতুকা অকল সৌন্দৰ্য সৃষ্টিকাৰীয়েই নহয় , ই এবিধ ঔষধিযুক্ত গছ ————
১) জেতুকাৰ কুমলীয়া পাত খুন্দি তাত কেঁহৰাজ , ডালিমৰ পাত , বৰথেকেৰা , এৰাপাতৰ কোঁহ , অলপ চূণ মিহলাই খুন্দি সৰিয়হৰ তেল সানি নখত সানিলে নখৰ ৰোগ আৰু খৰ ভাল হয়।
২) জেতুকাৰ ৰস ভৰিৰ নখত লগালে চকু আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি হয়।
৩) গাৰ ছালত জেতুকা ব্যৱহাৰ কৰিলে চৰ্মৰোগ প্ৰতিৰোধ হয় আৰু ছাল নিমজ হয়।
৪) ২০গ্ৰাম জেতুকাৰ পাত খুন্দি , ৫ টা আমলখি খুন্দি ৰস উলিয়াই , ৫০ মিলিলিটাৰ গাখীৰৰ সৈতে মিহলি কৰি ১ ঘণ্টা চুলিত সানিলে , অকালতে পকা চুলি ক’লা হয়।
৫) জেতুকা পাতৰ ৰস আৰু শিলিখাৰ ৰস মিহলি কৰি চুলিত লগালে চুলি সৰা বন্ধ হয়।
৬) ভৰিৰ পতাত জেতুকাৰ ৰস সানিলে ঘামচি ভাল হয়।
৭) জেতুকা পাতৰ ক্কাথ খয়েৰৰ লগত মিহলি কৰি লগালে পায়েৰিয়া ৰোগ ভাল হয়।
৮) জেতুকাপাত সিজোৱা পানীৰে কুলকুলিয়ালে মুখ বা ডিঙিৰ ঘাঁ ভাল হয়।
৯) হাত -ভৰি পানীয়ে খালে , জেতুকা লগালে বিষ উপশম হয় ।
১০) জেতুকাৰ ৰসৰ লগত সৰিয়হ তেল মিহলাই গাত সানিলে , সংকুচিত হোৱা ছাল স্বভাৱিক অৱস্থা পায়।
১১) জেতুকাপাতৰ ৰসেৰে গা ধুলে গাৰ দুৰ্গন্ধ আৰু ঘাম নাইকীয়া হয়।
১২) জেতুকাৰ গোন্ধে ভাল টোপনি অহাত সহায় কৰে।উচ্চ ৰক্তচাপত , জেতুকা পাত খুন্দি মূৰত আৰু ভৰিত প্ৰলেপ দিব লাগে।
এনেদৰে ঘৰৰ চৌহদতে পোৱা সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা কৰিলে , কম খৰচতে আমি শৰীৰ তথা মন সুস্থ কৰি ৰাখি আনন্দ অনুভৱ কৰিব পাৰো।