বৰ্তমান সময়ত এক বহু চৰ্চিত শিক্ষা পদ্ধতি হৈছে অনলাইন শিক্ষা , যাক ই-শিক্ষা বুলিও ক’ব পাৰি। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সফল প্ৰয়োগ কৰি বিশ্বস্তৰীয় শিক্ষা লাভৰ ই এক অতি গুৰুত্বপূৰ্ণ শিক্ষা পদ্ধতি । আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৯০ চনত শিক্ষাৰ ক্ষেত্ৰত চমক সৃষ্টিকাৰী এই পদ্ধতিটো সাম্প্ৰতিক বিশ্বত এতিয়া অতি জনপ্ৰিয় হৈ পৰিছে ।
এই অনলাইন শিক্ষাৰ জৰিয়তে ঘৰতে বহি শিক্ষাৰ্থীসকলে বিশ্বস্তৰীয় ডিগ্ৰী বা ডিপ্ল’মা লাভৰ সুযোগ ল’ব পাৰে। আধুনিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অনলাইন শিক্ষা অতি প্ৰভাৱশালী। বিদ্যালয়-মহাবিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰা, কোনো শিক্ষানুষ্ঠান অথবা মহাবিদ্যালয়ৰ পৰা ডাকযোগে শিক্ষাগ্ৰহণ কৰা আৰু বিদ্যালয়-মহাবিদ্যালয়লৈ নোযোৱাকৈয়ে প্ৰাইভেট পৰীক্ষাৰ্থী হৈ শিক্ষা গ্ৰহণ কৰা আনুষ্ঠানিক শিক্ষাগ্ৰহণৰ এই তিনিটা পদ্ধতিৰ পাছত আধুনিক বিশ্বত শিক্ষা গ্ৰহণৰ নতুন ৰূপ হৈছে অনলাইন শিক্ষা। বৰ্তমান সময়ত অনলাইন শিক্ষাৰ প্ৰাসংগিকতাৰ সমান্তৰালকৈ জনপ্ৰিয়তাও অতি লক্ষণীয় ।
এই শিক্ষাৰ লগত জড়িত হৈ আছে ইন্টাৰনেট সেৱাৰ কথা । ইন্টাৰনেটৰ জৰিয়তে কম্পিউটাৰত মাল্টিমিডিয়াৰ দ্বাৰা সজ্জিত পাঠ ঘৰতে বহি লাভ কৰিব পাৰি । এই প্ৰক্ৰিয়াত অধ্যাপকৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে পাঠসমূহ ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা লাভ কৰে। ইলেক্ট্ৰনিক মাধ্যমত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক বা অধ্যাপকৰ লগত সম্পৰ্কিত হৈ থাকে । তদুপৰি এই অনলাইন শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সুবিধা অনুযায়ী সময় উলিয়াই শিক্ষাগ্ৰহণ কৰিব পাৰে। বৰ্তমান সময়ত ই এক অতি জনপ্ৰিয় শিক্ষা পদ্ধতি ।
অনলাইন শিক্ষাৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল যে – অনলাইন শিক্ষাত ব্যতিক্ৰম জীৱনশৈলী তথা নিজক সংস্থাপিত কৰাৰ যথেষ্ট সুযোগ আছে । আমেৰিকাই আৰম্ভ কৰা এই অনলাইন শিক্ষা পাছলৈ ইউৰোপীয় দেশসমূহে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে ,ভাৰতত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে এই শিক্ষাৰ শুভাৰম্ভ কৰা হয় ।
অনলাইন শিক্ষাই আধুনিক মানৱ জীৱনৰ গতি সলনি কৰি দিছে। প্ৰতিযোগিতাৰ দৌৰত দিনক দিনে বৃদ্ধি পাইছে অনলাইন শিক্ষাৰ প্ৰাসংগিকতা । সাম্প্ৰতিক কালত কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়ত অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একমাত্ৰ আশা-ভৰষাৰ থল হিচাপে পৰিগণিত হৈছে । অনাগত দিনত হয়তো ডিজিটেল পৃথিৱীত অনলাইন শিক্ষাই পূৰ্বৰ শিক্ষাগ্ৰহণৰ কিছু পদ্ধতিতকৈ অধিক প্ৰাধান্য লাভ কৰিব।