হাতৰ তলুৱাৰ ৰঙে আমাৰ স্বভাৱ- চৰিত্ৰৰ লগতে বেমাৰ আজাৰৰ বিষয়ে ইংগিত দিয়ে। জানো আহকচোন কোনটো ৰঙে কিহৰ ইংগিত দিয়ে-
১) ক’লা তলুৱা :- যি সকল মানুহৰ হাতৰ তলুৱাৰ ৰং ক’লা বৰণৰ হয় , তেওঁলোক জেদী ,খঙাল আৰু জটিল মনৰ হয়। এওঁলোকৰ সাধাৰণতে পেটৰ ৰোগ , চৰ্মৰোগ , চকুৰ ৰোগ আৰু কঁকালৰ বিষত ভুগি থাকে।
২) গোলাপী তলুৱা :- যি সকল মানুহৰ হাতৰ তলুৱাৰ ৰং গোলাপী হয় , তেওঁলোক যুক্তিবাদী , ন্যায় পৰায়ণ , প্ৰেমিক আৰু কল্পনা শক্তি প্ৰৱল হৈ থাকে। তেওঁলোক সংগীত , শিল্প সাহিত্যৰ প্ৰতি অনুৰাগী হয়। এওঁলোক সৌন্দৰ্যৰ পূজাৰী আৰু ভোগ – বিলাসী হয়। হাৰ্টৰ ৰোগ , স্নায়বিক ৰোগ , ৰক্তচাপ আদিত ভোগে।
৩) নীলা তলুৱা :- যি সকলৰ হাতৰ তলুৱাৰ ৰং নীলা বৰণৰ হয় , তেওঁলোকে কোনো কামতেই সুস্থিৰ মত পোষণ কৰিব নোৱাৰে। সকলো সময়তে নিৰাশ আৰু বিমৰ্ষ হৈয়ে থাকে। এওঁলোকে প্ৰায়েই লীভাৰ জনিত ৰোগত ভূগে।
৪) ৰঙা তলুৱা :- যি সকলৰ হাতৰ তলুৱা ৰঙা ৰঙৰ হয় , তেওঁলোক ভোগ বিলাসী আৰু উচ্চাকাঙ্খা প্ৰৱণ হয়। এওঁলোক সাধাৰণতে চিত্ৰশিল্পী আৰু লেখক হয়। এওঁলোকৰ মন সৰল আৰু কোমল। কঠোৰ পৰিশ্ৰম কৰি জীৱনত উন্নতি লাভ কৰে।সামান্য সংঘাটত ভাঙি পৰে। যি কামত হাত দিয়ে শেষ নোহোৱা পৰ্যন্ত কৰি থাকে। এওঁলোক চৰ্দী , কাঁহ , হাৰ্টৰ ৰোগত ভূগে।
৫) বগা বা শেঁতা তলুৱা :- যি সকলৰ হাতৰ তলুৱা বগা বা শেঁতা ৰঙৰ হয় , তেওঁলোক কিছু পৰিমাণে খিংখিঙীয়া স্বভাৱৰ হয় । শৰীৰ দুৰ্বল হয়। সকলো সময়তে ৰোগত ভূগি থাকে।
৬) হালধীয়া তলুৱা :- যি সকলৰ হাতৰ তলুৱা হালধীয়া ৰঙৰ হয় , তেওঁলোক নানা বিদ্যাৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোক সংকুচিত স্বভাৱৰ হয়। তেওঁলোক শান্ত , স্থিৰ , চিন্তাশীল হয়। এওঁলোক প্ৰায়েই চৰ্দী , কাঁহ , জ্বৰ , পেটৰ নানা বিধ ৰোগত ভূগি থাকে।