পেটৰ বিকাৰ , পিত্তসাৰ বৃদ্ধি ,অধিক খাদ্য খোৱা , অত্যাধিক ভোকত আহাৰ নোখোৱা , বাহি বস্তু খোৱা , বেছিকৈ মছলা খোৱা , আহাৰ ভালদৰে চোবাই নোখোৱা , নিষিদ্ধ ভোজন গ্ৰহণ কৰা , মানসিক বিকাৰ আৰু হৃদ ৰোগ আদিৰ কাৰণে পাকস্থলিৰ ঘা হ’ব পাৰে। বন দৰবেৰে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰি ।জানো আহক –
১) নহৰু ৰস ১২ গ্ৰামত সামান্য পানী মিহলি কৰি একেৰাহে ১৫ দিন খালে এই ৰোগ ভাল হয়।
২) দুই চামুচ আমলখিৰ ৰসত দুই চামুচ মৌ মিহলাই ৰাতিপুৱা খাব লাগে। এনেদৰে ৩০ দিন মান খালে উপকাৰ পোৱা যায়।
৩) ঘেঁহুৰ পাত আৰু ঠাৰি খুন্দি তাৰ ৰস এগিলাচকৈ ৰাতি আৰু ৰাতিপুৱা খাব লাগে নাইবা আধা কাপ ঘেঁহু এবাটি পানীত তিয়াই ৰাখি ৰাতিপুৱা শুদা পেটত সেই পানী খাব লাগে।
৪) এচামুচ গাজৰৰ ৰসত এচামুচ আমলখিৰ ৰস মিহলাই দুই চামুচ মৌ দি ৰাতিপুৱা খালে এই ৰোগ নাইকিয়া হয়।
৫) এটা পানীৰ পাত্ৰত এটা আপেল টুকুৰা টুকুৰ কৰি কাটি গৰম কৰি ১৫ মিনিট পিছত তাক চেকি তাত দুই চামুচ মৌ মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়।
৬) মিঠা পকা আমৰ ৰস উলিয়াই চেকি খাব লাগে।
৭) তেল মচলা নিদিয়াকৈ কেঁচা অমিতা আঞ্জা কৰি এমাহমান খালে এই ৰোগ ভাল হয়।
৮) কেঁচা কল , হালধিৰ ৰস ৰাতিপুৱা আৰু গধূলি ১০০ গ্ৰামকৈ খাব লাগে।
৯) মধুৰিআমৰ তিনিটা কুমলীয়া পাতৰ আগ পানীৰে ধুই খালে গেছট্ৰিক ৰোগ ভাল হয়।
১০) আমলখি , মৌ , ত্ৰিফলা , শিলিখা , কেঁচা হালধি , ভোট জলকীয়া আদি সুপথ্য। আনহাতে মাদকদ্ৰব্য , ধূমপান , তামোল , চাহ-মছলা , জ্বলা , মাছ -মাংস , কণী খাব নালাগে।