বছৰৰ আন সময়ত নিয়মিতভাৱে মোজা পিন্ধিব নোৱাৰিলেও শীতকালত মোজা পিন্ধিবই লাগে । ভৰি ফাটি যোৱাৰ সমস্যাও শীতকালত বাঢ়ি যায়। গতিকে বেছিভাগ মানুহেই মোজা পিন্ধিবলৈ পছন্দ কৰে। আৰু যিসকলৰ মোজা পিন্ধাৰ নিয়মীয়া অভ্যাস আছে, তেওঁলোকে মোজা নোহোৱাকৈ ঘৰৰ পৰা ওলাই যাব নোৱাৰে। মোজা পিন্ধাৰ বাবে বহুতৰে ভৰি উৎকট দুৰ্গন্ধ ওলায় ৷ অফিচত, আড্ডাত বা অনুষ্ঠানত মোজাৰ বেয়া গোন্ধৰ বাবে মানুহে লাজ অনুভৱ কৰে। চিকিৎসকৰ ভাষাত ইয়াক ব্ৰ’ম’ড’ছিছ বুলি কোৱা হয়। মোজাৰ পৰা ওলোৱা বেক্টেৰিয়া ভৰিৰ ঘামৰ লগত মিহলি হৈ প্ৰবল গোন্ধৰ সৃষ্টি কৰে। কিন্তু তাৰ পৰা মুক্তি পোৱাৰ উপায় আছে।
১)আপোনাৰ ঘাম বেছি বা কম ওলাওঁক, কপাহী মোজা ব্যৱহাৰ কৰি ছালখন সুৰক্ষিত কৰি ঘামৰ গোন্ধৰ পৰা আঁতৰি থাকিব লাগে। ছিন্থেতিকমোজাত ঘাম বেছি ওলোৱাৰ প্ৰৱণতা থাকে।
২) খাদ্যও সলনি কৰক, অতি টেঙাজাতীয় খাদ্যই বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায়। বদহজম বা এচিডিটি সঘনাই হ’লে ঘামৰ গোন্ধ অধিক অপ্ৰীতিকৰ হৈ পৰে।
৩) চাহ-কফিৰ প্ৰতি আসক্ত হ’লে পৰিহাৰ কৰক। যিকোনো উদ্দীপক পানীয়ই শৰীৰত হৰম’ন নিৰ্গত কৰাত সহায় কৰে। ই পৰোক্ষভাৱে স্নায়ুবোৰক উদ্দীপিত কৰে। ফলত সহজে ঘাম ওলায়।
৪) জোতাযোৰ মাজে মাজে ৰ’দত ৰাখিব লাগে। জোতাৰ ভিতৰত পোহৰ আৰু বায়ু সোমালে ভেঁকুৰ আৰু ক্ষতিকাৰক বেক্টেৰিয়াৰ প্ৰাদুৰ্ভাৱ কমি যায়। একেৰাহে দুদিন একে মোজা পিন্ধাৰ পৰা বিৰত থাকক। বহুতৰে এই প্ৰৱণতা থাকে।
৫) যিসকলে মোজা পিন্ধাৰ পিছত ভৰিৰ ঘাম ওলোৱা সমস্যাত ভোগে তেওঁলোকে, ঘৰৰ পৰা ওলোৱাৰ আগতে ভৰি পোন্ধৰ মিনিট নিমখীয়া পানীত তিয়াই থ’ব লাগে। নিমখে ভেঁকুৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম। ফলত ভৰিৰ ঘামৰ সমস্যা বহু পৰিমাণে কমি যায়।