এটা বিশাল জেলিফিছৰ এখন ছবিয়ে সামাজিক মাধ্যমত আকৰ্ষণ লাভ কৰিছে। দুদিন আগতে ৰেডিটত এলেচিগ নামৰ এজন ব্যক্তিয়ে শ্বেয়াৰ কৰা এই জেলিফিছৰ ছবিখনৰ আকাৰৰ তুলনাৰ বাবে ইয়াক এগৰাকী মহিলাৰ ভৰিৰ কাষত দেখুওৱা হৈছে।
মৃত জেলিফিছটো দক্ষিণ কোৰিয়াৰ এখন সাগৰৰ পাৰত বালিৰ ওপৰত পৰি থকা দেখা গৈছে । সংবাদ মাধ্যমে ইয়াক “জেল-অ টেণ্টেকেল থকা মগজু” বুলি বৰ্ণনা কৰিছে যাৰ ৰং ডাঠ গুলপীয়া-মুগা।
আলোকচিত্ৰখন ২০০৮ চনত ইনচিয়নৰ এখন সাগৰৰ পাৰত তোলা ৷ এলেচিগে কৈছিল যে তেওঁ আগতে ইমান ডাঙৰ জেলিফিছ কেতিয়াও দেখা নাই। ই প্ৰায় ১ৰ পৰা ১.৫ মিটাৰ [৩.২-৪.৯ ফুট] ডাঙৰ আৰু নিষ্প্ৰাণ ৷
শ্বেয়াৰ কৰাৰ পিছত, পোষ্টটোৱে ৰেডিটত ৬২,০০০ তকৈও অধিক দৰ্শকৰ সমাদৰ আৰু মন্তব্য সংগ্ৰহ কৰিছে।
এই বিশাল প্ৰাণীবোৰ প্ৰায়ে পূব চীন সাগৰ আৰু হালধীয়া সাগৰত পোৱা যায়। সিহঁতৰ দীঘল টেণ্টেকেলবোৰে বিষ বহন কৰে যাৰ ফলত কিছুমান পৰিস্থিতিত খজুৱতি, ফুলা, অত্যাধিক অসুবিধা ,আনকি মৃত্যুও ঘটিব পাৰে।