পানী খাবলৈ প্লাষ্টিক, কাঁচ বা তামৰ বটল সচৰাচৰ ব্যৱহাৰ কৰা হয় ৷ কোনবিধ বটল ব্যৱহাৰ কৰিবলৈ আটাইতকৈ সুবিধাজনক আৰু স্বাস্থ্যকৰ? প্লাষ্টিক, কাঁচ আৰু তাম, এই তিনিটা জনপ্ৰিয় বিকল্পৰ প্ৰত্যেকৰে নিজস্ব সুবিধা আৰু অসুবিধা আছে।
প্লাষ্টিকৰ বটল:
সুবিধা: পাতল আৰু বহনযোগ্য, কম খৰচী, বিভিন্ন ৰং আৰু আকাৰত উপলব্ধ, ভাঙি যোৱাৰ প্ৰৱণতা কম।
অসুবিধা: প্লাষ্টিকৰ বটলৰ পৰা ওলোৱা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ পানীত মিলি যাব পাৰে, যেনে বিচফেনল এ, যি পানীত মিহলি হৈ বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। দীৰ্ঘদিন ধৰি শৰীৰত এই বিষাক্ত পদাৰ্থ প্ৰৱেশ কৰিলে ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে।
পৰিৱেশৰ বাবে ক্ষতিকাৰক: কেৱল শৰীৰৰ বাবেই নহয়, প্লাষ্টিকৰ বটল পৰিবেশৰ বাবেও নিশ্চিতভাৱে ক্ষতিকাৰক।
কাঁচৰ বটল:
সুবিধা: কাঁচৰ বটলত কোনো ৰাসায়নিক বিক্ৰিয়া নহয়, সেয়েহে নিৰাপদ। ই পুনঃব্যৱহাৰযোগ্য আৰু পৰিৱেশ অনুকূল।
অসুবিধা: কাঁচৰ বটলবোৰ গধুৰ, কঢ়িয়াবলৈ অসুবিধাজনক। লগতে ই সহজে ভংগুৰ আৰু সাৱধান নহ’লে ভাঙিব পাৰে। প্লাষ্টিকৰ বটলতকৈ কাঁচৰ বটলৰ দাম বেছি।
তামৰ বটল:
উপকাৰ: তামৰ এন্টি-মাইক্ৰ’বিয়াল গুণ পানীৰ বাবে ভাল। তামে শৰীৰৰ বাবে কিছুমান অত্যাৱশ্যকীয় খনিজ পদাৰ্থ যোগান ধৰিব পাৰে। তামৰ বটলত পানী ৰাখিলে এই খনিজ পদাৰ্থ পানীৰ লগত মিহলি হৈ শৰীৰত প্ৰৱেশ কৰিব পাৰে। ফলত পানীৰ গুণাগুণ বৃদ্ধি পাব পাৰে।
অসুবিধা: তামৰ বটল এফালে ব্যয়বহুল, আনফালে পানীৰ বাহিৰে আন যিকোনো এচিডিক পানীয় বটলত ভৰাই দিলে ৰাসায়নিক বিক্ৰিয়া হ’ব পাৰে। বৃদ্ধসকলৰ মাজত অতিৰিক্ত তামৰ পৰিমাণে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
কোনটো বটল কাৰ বাবে বেছি উপযোগী সেয়া ব্যক্তিগত প্ৰয়োজন আৰু পছন্দৰ ওপৰত নিৰ্ভৰ কৰে ৷ কিন্তু পৰিৱেশ অনুকূল বিকল্প বিচাৰিলে কাঁচৰ বটল ব্যৱহাৰ কৰাটো ভাল ৷ স্বাস্থ্য সচেতন হ’লে তামৰ বটল ব্যৱহাৰ কৰাটো প্ৰয়োজন ৷ কিন্তু তাত পানীৰ বাহিৰে আন একো নাখালে ভাল ৷ যদি আপুনি ভাবিছে সুবিধা আৰু খৰচৰ বিষয়ে, আপুনি প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰিব পাৰে, ই অতি পাতল বা সস্তা ৷ কিন্তু বটলটো যাতে নিয়মিতভাৱে চাফা কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।