বৰ্তমান সময়ত অসমৰ সংবাদ জগতৰ এক চিনাকি নাম নন্দন প্ৰতীম শৰ্মা বৰদলৈ ৷ যি সাংবাদিকতাৰ ক্ষেত্ৰখনত বহুখিনি অৱদান আগবঢ়াইছে ৷ আনহাতে সামাজিক মাধ্যমৰ যোগেদিও তেওঁ সময়ে সময়ে বিভিন্ন দিশত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে ৷ শেহতীয়াকৈ জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত তেওঁ আপলোড কৰা কেইখনমান ফট’ আৰু তেওঁ ব্যক্ত কৰা কথাই দৃষ্টি আকৰ্ষণ কৰিছে বহুজনৰ ৷
ফেচবুক প’ষ্টটোৰ যোগেদি তেওঁ প্ৰকাশ কৰিছে যে এইবাৰ চেৰাপুঞ্জীলৈ গৈ তেওঁ সুখো পালে আৰু দুখো পালে। মেঘালয়ৰ কিনৰেম জলপ্ৰপাতৰ দুখনমান আকৰ্ষণীয় ফট’ আপলোড কৰি তেওঁ ক’লে যে এইটো মেঘালয়ৰ কিনৰেম জলপ্ৰপাত। ভাৰতৰ ভিতৰতে উচ্চতম জলপ্ৰপাতৰ ভিতৰত ইয়াৰ স্থান সপ্তম। এই জলপ্ৰপাতটোৰ ওচৰলৈ গ’লেই বতাহত উৰি অহা পানীৰ কণাবোৰে সৰ্বশৰীৰ তিয়াই পেলায়।
কিন্তু মেঘালয়ত ব্যাপক হাৰত পাহাৰ কটা হৈছে, ডাঙৰ ডাঙৰ গছ কাটি পেলোৱা হৈছে আৰু য’তে ত’তে মানুহে প্লাষ্টিকৰ বটল, চিপ্ছৰ পেকেট, প্লাষ্টিক বেগ আদি পেলাই ভয়াবহভাৱে প্লাষ্টিক প্ৰদূষণৰ সৃষ্টি কৰিছে।এইক্ষেত্ৰত যেন মানুহৰ কোনো দায়িত্ববোধ নাই। চাবলৈ যোৱা ধুনীয়া ঠাইবোৰৰ প্ৰতিও মানুহৰ কোনো মৰম নাই। এইবোৰ দেখি তেওঁ শঙ্কা প্ৰকাশ কৰিছে যে হয়তো অতি সোনকালেই প্ৰকৃতিৰ বুকুৰ পৰা এই ধুনীয়া ঠাই বোৰ নিঃশেষ হৈ যাব ।