সাজ-সজ্জা এজন মানুহৰ ব্যক্তিত্বৰ পৰিচায়ক ৷ সাজ-সজ্জা দেখি আমি বহু সময়ত এজন মানুহৰ ব্যক্তিত্বৰ অনুমান কৰিব পাৰোঁ ৷ বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকীৰ সাজ-সজ্জায়ো যেন প্ৰকৃতাৰ্থত তেওঁৰ ব্যক্তিত্বকেই প্ৰতিফলিত কৰে ৷ সেয়েহে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ওপৰত ৷ যি নিজৰ সাজ-পোছাক নাইবা স্বাস্থ্য সন্দৰ্ভত সদাসচেতন ৷ তেওঁ পৰিধান কৰা বিভিন্ন ৰঙৰ ,বিভিন্ন ডিজাইনৰ কাপোৰৰ ক্ষেত্ৰতো সদায়েই চৰ্চিত তেওঁ ।
ভাৰতীয় কাপোৰেই হওক বা পশ্চিমীয়া চুটেই হওক, প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ সাজ-পোছাকেৰেও যেন মানুহৰ হৃদয় জয় কৰে । কিন্তু সঁচাকৈয়ে এটা অতি আচৰিত কথা যে নৰেন্দ্ৰ মোডীয়ে পৰিধান কৰা জোতাৰো আছে এক বৈশিষ্ট্য ৷ জাপানত তৈয়াৰী জোতা পৰিধান কৰে নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো তেওঁৰ জোতাৰ প্ৰতি থকা প্ৰেম দেখি এনে লাগে যেন এই জোতাৰ লগত তেওঁৰ আছে কিবা এক এৰাব নোৱাৰা সম্পৰ্ক ।
২০১৪ চনৰ পৰা ২০১৯ চনলৈ জোতা সলনি কৰা নাছিল নৰেন্দ্ৰ মোডীয়ে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰেলীয়েই হওঁক নাইবা সংসদ আৰু বিদেশ ভ্ৰমণৰ ছবিসমূহেই হওঁক সেইবোৰ ভালদৰে লক্ষ কৰিলে সকলোৰে মনত এটা প্ৰশ্নৰ উত্থাপন হয় যে সদায় ৰঙীন কুৰ্তা আৰু জেকেট পৰিধান কৰি ভাল পোৱা মোদীয়ে কিয় জোতা সলনি কৰাটো প্ৰয়োজনীয় বুলি নাভাবে ?
কিহৰ বাবে একে ধৰণৰ জোতা পৰিধান কৰে তেওঁ ?
২০১৪ চনৰ পৰা ২০১৯ চনলৈ কিয় জোতা সলনি কৰা নাছিল মোডী জীয়ে?
অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ একেযোৰ জোতাকে সদায় পিন্ধে । হয়তো তেওঁৰ এনে একেধৰণৰ জোতা আৰু বহুতো আছে। কিন্তু ৰঙা,বগা,ধোঁৱাবৰণীয়া আদি অন্যান্য ৰঙৰ বাহিৰে তেওঁ পিন্ধে কেৱল ক’লা ৰঙৰ জোতা (মোজদী, জুটী)। আজিও একে ক’লা জোতা পৰিধান কৰে তেওঁ ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিন্ধা জোতাৰ ডিজাইন প্ৰাচীন কালৰে পৰাই প্ৰচলিত ৷ আমাৰ ঐতিহ্য পৰম্পৰাক লৈ সদা সচেতন প্ৰধানমন্ত্ৰী গৰাকীয়ে হয়তো অতিতৰ পৰা চলি অহা এই জোতাৰ মোহ এৰিব পৰা নাই আজিও আৰু সেয়েহে তেওঁ সদায় পৰিধান কৰে ক’লা জোতা । কাৰণ আগৰ দিনত ক’লা ৰঙৰ জোতাহে উপলব্ধ আছিল। আনহাতে ক’লা জোতা বেছিভাগ ৰঙীন কাপোৰৰ লগতো সহজেই মিলি যায়। সেয়েহে হয়তো প্ৰধানমন্ত্ৰী মোডীয়ে ক’লা জোতা ভাল পায়। আনহাতে ইয়াৰ তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে সেইধৰণৰ জোতা হয়তো তেওঁৰ বাবে আৰামদায়ক । নতুন ষ্টাইলৰ জোতাত আৰাম অনুভৱ কৰিব পৰা নাছিল বাবেই চাগে তেওঁৰ জোতা সলনি নহ’ল।