আমেৰিকাৰ সেনা প্ৰত্যাহাৰ আৰু তালিবানৰ আফগানিস্তান দখলৰ পৰৱৰ্তী পৰ্যায় আফগান নাগৰিকসকলৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে। ৰাষ্ট্ৰখনৰ নাগৰিকসকলৰ জীৱন যে দুৰ্বিসহ হৈ পৰিছে সেই কথাৰ উমান বিক্ষিপ্ত ঘটনাৰ তথ্যৰ দ্বাৰা বিশ্ববাসীয়ে জানিব পাৰিছে।
বিশেষকৈ নাৰীজনিত হত্যা-হিংসা-বৰ্বৰতাত তালিবানে যেন নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰিব বিচাৰিছে! তেনে এক খবৰেই বিশ্ববাসীক এতিয়া শংকিত কৰি ৰাখিছে।
প্ৰাপ্ত খবৰ অনুসৰি তালিবানে এগৰাকী ৮মাহৰ অন্তঃসত্ত্বা আৰক্ষী বিষয়াক পৰিয়ালৰ মানুহৰ আগতে গুলীয়াই হত্যা কৰে। তাৎপৰ্যপূৰ্ণভাৱে তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাদিহে এই ভয়াবহ হত্যা তালিবানৰ দ্বাৰা সংঘটিত হোৱা নাই আৰু তেওঁলোকে এই সন্দৰ্ভত তদন্ত কৰি আছে বুলি উল্লেখ কৰিছে।
মুজাহিদে এই ঘটনা ব্যক্তিগত আক্ৰোশৰ ফলত সংঘটিত হত্যা বুলি উল্লেখ কৰিলেও বি বি চিয়ে মন্তব্য কৰে যে তেখেতসকলে তিনিটা নিৰ্ভৰযোগ্য সূত্ৰৰ দ্বাৰা বাণু নাগাৰ নামৰ বিষয়াগৰাকীক তালিবানে অতি নৃশংসভাৱে নাগাৰৰ স্বামী আৰু সন্তানৰ সন্মুখতে হত্যা কৰা হ’ল বুলি নিশ্চিত হৈছে।
নাগাৰৰ পৰিয়ালৰ একাংশ সদস্যইও তিনিজন আৰবী ভাষাত কথা কোৱা সন্দেহজনক বন্দুকধাৰী ব্যক্তিয়ে পৰিয়ালৰ লোকসকলক সোধা-পোচা কৰে বুলি উল্লেখ কৰিছে। ঘোৰ প্ৰদেশৰ ৰাজধানী ফিৰ’জক’হত এই ভয়াবহ হত্যা সংঘটিত হৈছে বুলি উল্লেখ কৰা হৈছে।
তালিবানৰ মুখপাত্ৰ মুজাদিহে পূৰ্বৰ প্ৰশাসনৰ বাবে কাম কৰা লোকসকলক ক্ষমা ঘোষণা কৰা বুলি উল্লেখ কৰি এই হত্যাৰ দায় সাৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে। আনহাতে পৰিয়ালে যোগান ধৰা অস্পষ্ট ছবিত কোঠা আৰু মৃতদেহৰ গাত লাগি থকা তেজ তথা মুখখনৰ বিকৃত ৰূপে তালিবানৰ ভয়াবহ ৰূপকহে প্ৰতিনিধিত্ব কৰিছে।