নিত্য প্ৰয়োজনীয় বস্তু বোৰৰ ভিতৰত জলকীয়াও এবিধ। জলকীয়া অবিহনে আমি ৰান্ধনী ঘৰৰ কথা ভাবিবই নোৱাৰো। বজাৰৰ পৰা লৈ অহা জলকীয়াবোৰ দুদিন মানৰ ভিতৰতে নষ্ট হৈ যায়। সদায় বজাৰ কৰাৰো অসুবিধা আনহাতে জলকীয়া বোৰ পেলাই দিবও বেয়া লাগে। গতিকে কেঁচা জলকীয়া বোৰক আমি কেনেকৈ গেলি নোযোৱাকৈ ভালে ৰাখিব পাৰোঁ জানো আহক—
১) কেঁচা জলকীয়া ফ্ৰিজত ৰাখি থলেও বেছিদিন ভালে নাথাকে। জলকীয়াৰ ঠাৰি থাকিলে জলকীয়াটো গেলি যায় । গতিকে কেঁচা জলকীয়া বেছিদিন ভালে ৰাখিবলৈ হ’লে জলকীয়াৰ ঠাৰিডাল ভাঙি পেলাব লাগে।
২) ফ্ৰিজত থোৱা জলকীয়াবোৰ শুকান কৰি ৰাখিব লাগে। অলপো যাতে পানী লাগি নাথাকে তাৰ বাবে শুকান কাপোৰেৰে ভালকৈ মচি ল’ব লাগে। জলকীয়াবোৰৰ মাজত যাতে এটাও গেলা জলকীয়া নাথাকে তাৰ প্ৰতি সচেতন থাকিব লাগে। কেঁচা জলকীয়াবোৰ ফ্ৰিজত থোৱাৰ সময়ত প্লাষ্টিকৰ বাকচত থ’ব লাগে। বাকচৰ ঢাকণি মৰাৰ আগতে কাগজ বা টিছু পেপাৰ ৰাখিব লাগে । এনে কৰিলে জলকীয়াবোৰ শুকান হৈ থাকিব।
৩) ঢাকণি থকা বাকচত হে জলকীয়া সংৰক্ষণ কৰিব লাগে। বাকচৰ তলত আৰু ওপৰত দুয়ো ঠাইতে টিছু পেপাৰ ৰাখিব লাগে। এটা বাকচত বেছি জলকীয়া ৰাখিব নালাগে। টিছু পেপাৰ খন তিতা যেন লাগিলে সলনি কৰি দিব লাগে।
৪) শুকান টিছু পেপাৰ বাকচৰ তলত ৰখাৰ পিছত এটা নহৰু থৈ দিব লাগে আৰু তাৰ ওপৰত জলকীয়াবোৰ থৈ আন এখন টিছু পেপাৰেৰে ঢাকি দিব লাগে। এনেদৰে কেঁচা জলকীয়াবোৰ ৩ মাহ পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিব পাৰি।