শৰীৰ সুস্থ কৰি ৰাখিবলৈ প্ৰতি দিনে ৭ৰ পৰা ৮ গিলাচ পানী খাবলৈ পৰামর্স প্ৰদান কৰা হয় ৷ কিন্তু বহুতে সেই লক্ষ্য পূৰণত ব্যৰ্থ হয়। পুষ্টিবিদসকলৰ মতে যদি আপুনি কেৱল পানী খাবলৈ ভাল নাপায় তেন্তে পানীৰ পৰিমাণ বেছি থকা ফল-মূল খাব পাৰে । উদাহৰণস্বৰূপে, গৰমৰ দিনত পানীৰ ঘাটি পূৰণৰ বাবে তৰমুজ খোৱাটোৱেই উত্তম উপায়। কিন্তু কেৱল পানীৰ অভাৱ পূৰণৰ বাবেই নহয়, ইয়াৰ উপৰিও তৰমুজৰ বহু গুণ আছে।
তৰমুজৰ শৰীৰৰ বাবে কি কি উপকাৰিতা আছে?
১) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
ভিটামিন চি সমৃদ্ধ এই ফলবিধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও শৰীৰৰ ঘাঁ ভাল কৰা প্ৰটিন সমৃদ্ধ কলাজেন কোষৰ পৰিমাণো বৃদ্ধি কৰে। তৰমুজত থকা বিটা-কেৰটিনে ছালৰ স্থিতিস্থাপকতা বজাই ৰখাত সহায় কৰে আৰু অকালতে চুলি সৰা ৰোধ কৰে।
২) ওজন কমাবলৈ সহায় কৰে
বহুতে ভাবে যে তৰমুজত চেনিৰ পৰিমাণ বেছি। গতিকে ওজন কমাবলৈ ই বিশেষ ফলপ্ৰসূ নহ’বও পাৰে। কিন্তু পুষ্টিবিদসকলে কয় যে ১০০ গ্ৰাম তৰমুজত মাত্ৰ ৩০ শতাংশ কেলৰি আৰু ৬.২ গ্ৰাম শর্কৰা থাকে। যাৰ বাবে ওজন বৃদ্ধিৰ ভয় নাথাকে। ইয়াৰ উপৰিও তৰমুজত আঁহ আৰু পানীৰ পৰিমাণ বেছি হোৱাৰ বাবে ই অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা হ্ৰাস কৰিব পাৰে।
৩)চকুৰ বাবে ভাল
তৰমুজত থকা লাইকোপেন নামৰ যৌগ এটাও চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। এই লাইকোপেনে বয়সৰ লগত জড়িত ‘মেকুলাৰ ডিজেনেৰেচন’ৰ ফলত হোৱা চকুৰ সমস্যা ৰোধ কৰিব পাৰে।
৪)দাঁত আৰু আঁঠুৰ যত্ন
তৰমুজত থকা ভিটামিন চিয়ে দাঁত আৰু আঁঠু সুস্থ কৰি ৰাখে। এই ফলটোৱে দাঁতৰ বেক্টেৰিয়াৰ আক্ৰমণ ৰোধ কৰিব পাৰে।
৫)শৰীৰত থকা পানীৰ ঘাটি পূৰণ কৰে
তৰমুজৰ প্ৰায় ৯২ শতাংশ পানী। পানীৰ অভাৱত পেশীবোৰ টান হ’লে বা ভিতৰৰ পৰা শৰীৰ শুকান হ’লে তৰমুজ খাব পাৰে ৷