শৰীৰত ডি’ভিটামিন সদায় একে পৰিমাণে নাথাকে। বিভিন্ন কাৰণত ডি’ ভিটামিন কমি যাব পাঁৰে। শৰীৰত দেখা দিয়া কিছুমান লক্ষণৰ পৰা আমি জানিব পাঁৰো ডি’ ভিটামিনৰ অভাৱ।
শীতকাল পৰাৰ লগে লগে দিন সৰু আৰু ৰাতি দীঘল হোৱাৰ ফলত সূৰ্যৰ ৰশ্মি খুওব কম সময়ৰ বাবেহে পোৱা যায়। সূৰ্যৰ পৰাই প্ৰচুৰ পৰিমাণে ডি’ ভিটামিন আহোৰণ কৰিব পাঁৰি। ডি’ ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে , সংক্ৰমণ বা ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি যোগাৱাৰ উপৰিও হাড় আৰু দাঁত মজবুত কৰি ৰখাত সহায় কৰে। শৰীৰত দেখা দিয়া কিছুমান লক্ষণৰ পৰা বুজিব পাঁৰি ডি’ভিটামিনৰ পৰিমাণ কমি যোৱা। জানো আহকচোন লক্ষণবোৰৰ বিষয়ে—
১) শৰীৰৰ ওজন দ্ৰুত গতিত বৃদ্ধি হৈ থকাৰ মূল কাৰণ হ’ল ডি’ভিটামিনৰ অভাৱ। শৰীৰত ডি’ ভিটামিন পৰ্যাপ্ত পৰিমাণে নাথাকিলে দেহৰ ওজন বৃদ্ধি হৈ থাকে।
২) পুষ্টিহীনতাৰ কাৰণে চুলি সৰে যদিও ডি’ ভিটামিনৰ অভাৱৰ কাৰণেও চুলি সৰিব পাঁৰে। ডি’ ভিটামিনে চুলি ভাল কৰি ৰখাত সহায় কৰে। শৰীৰত ডি’ ভিটামিন যদি কিবা কাৰণত কমি যায় , তাৰ এটা লক্ষণ হ’ল চুলি সৰা।
৩) শৰীৰৰ যি কোনো ঘা শুকুৱাত ডি’ ভিটামিনে সহায় কৰে। বহুদিন ধৰি যদি ঘা নুশুকায় তেতিয়া ডি’ ভিটামিন কমি যোৱাৰ এটা লক্ষণ হ’ব পাঁৰে।
৪) ডি’ ভিটামিনে শৰীৰৰ লগতে মনকো নিয়ন্ত্ৰণ কৰে। মানসিক হতাশাগ্ৰস্তত ভূগিলে শৰীৰত ডি’ ভিটামিন কমি যোৱাৰ কাৰণেও হ’ব পাঁৰে।
৫) অকল বয়সীয়াল মানুহেই নহয় কেতিয়াবা কম বয়সৰ লৰা-ছোৱালীও পিঠিৰ বিষত কষ্ট পোৱা দেখ যায়। ডি’ ভিটামিনৰ অভাৱৰ কাৰণেও পিঠিৰ বিষ হ’ব পাৰে।