ক’ভিডৰ সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে চিকিৎসকে পৰামৰ্শ দিয়া খাদ্যৰ ভিতৰত নেমুও আছিল। ইয়াত ভিটামিন চি থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি অতি প্ৰয়োজনীয়। কেৱল নেমু নহয়, কমলা, মৌছুম্বি আমলখি আদিতো প্ৰচুৰ পৰিমানে ভিটামিন চি থাকে। কিন্তু, ই কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেনে? ভিটামিন চি সেৱন কৰিলে আৰু কি কি উপকাৰ হয়?
ছালৰ উজ্জ্বলতা
যদি আপুনি কোমল, মসৃণ আৰু সুন্দৰ ছাল বিচাৰে তেন্তে ভিটামিন চি সমৃদ্ধ খাদ্য খাব লাগে। ভিটামিন চিয়ে ছালত কলাজেন উৎপাদন বৃদ্ধি কৰে। কলাজেনে ছালখন টান কৰি ৰখাত সহায় কৰে। নিয়মিতভাৱে ভিটামিন চি সেৱন কৰিলে ছালৰ বলিৰেখা আঁতৰ হয়, উজ্জ্বলতা বৃদ্ধি পায়।
মগজু আৰু মানসিক স্বাস্থ্য ভাল ৰাখে
ভিটামিন চিয়ে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধিতো ভূমিকা পালন কৰে ৷ এই ভিটামিনে ‘নিউৰ’ট্ৰান্সমিটাৰ’ উৎপাদনত সহায় কৰে। এই ভিটামিনে মানসিক স্বাস্থ্যৰ সু-স্বাস্থ্য বজাই ৰখাতো ভূমিকা পালন কৰে। বিষণ্ণতা আৰু উদ্বেগ আদি সমস্যাত মনটোক সুস্থ কৰি ৰখাত ভিটামিন চিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
আইৰণ শোষণ
ভিটামিন চিয়ে আইৰণ শোষণত সহায় কৰে। নিৰামিষ খাদ্য খোৱা বা ৰক্তহীনতা থকা লোকৰ আইৰণৰ বিশেষ প্ৰয়োজন। ভিটামিন চি সমৃদ্ধ ফল-মূল আৰু খাদ্য তেওঁলোকৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।
চকু ভালে ৰাখে
ভিটামিন চি সমৃদ্ধ ফল-মূলে চকু সুস্থ কৰি ৰখাত সহায় কৰে। এই ভিটামিনৰ দ্বাৰা সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়। চকুৰ প্ৰদাহ কমোৱাৰ বাবে ভিটামিন চি অতি প্ৰয়োজনীয়। এই ভিটামিনে দ্ৰুতগতিত চকুৰ ছানি পৰা ৰোগ প্ৰতিৰোধ কৰে। ফলত চকু সুস্থ কৰি ৰাখিবলৈ ভিটামিন চি খাব লাগে।
হৃদযন্ত্ৰ ভালে ৰাখে
ভিটামিন চিয়ে কলাজেন সংশ্লেষণত সহায় কৰি ৰক্তবাহী নলীৰ বেৰ শক্তিশালী কৰাত সহায় কৰে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। উচ্চ ৰক্তচাপৰ সম্ভাৱনা হ্ৰাস কৰে।
ঘাঁ ভাল কৰে
এই ভিটামিনে কটা আৰু ঘাঁ সোনকালে ভাল হোৱাত সহায় কৰে। ভিটামিন চি গ্ৰহণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে সৰু সৰু সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।
হাওঁফাওঁ সুস্থ কৰি ৰাখে
ভিটামিন চিত থকা এন্টিঅক্সিডেন্টে হাওঁফাওঁৰ প্ৰদাহ, সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰে। ফলত হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ ফলমূল আৰু ভিটামিন চি সমৃদ্ধ খাদ্য খাব লাগে।
নেমুৰ উপৰিও আমলখি , মধৰিআম ব্ৰকলি, ষ্ট্ৰবেৰী, ফুলকবি, বন্ধাকবি, বিলাহী আদিত ভিটামিন চি থাকে। দৈনিক খাদ্য তালিকাত সতেজ শাক-পাচলি আৰু ফল-মূল ৰাখিলে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি লাভ কৰিব।