কঁকালৰ বিষ কি কি কাৰণত হব পাৰে জানো আহক-
১) মাংসপেশীৰ উত্তেজনা হলে।
২) মেৰুদণ্ড পোন হৈ নাৰাখিলে।
৩) অপুষ্টি খাদ্য বা শৰীৰত কেলছিয়ামৰ অভাৱ হলে।
৪) শাৰীৰিক পৰিশ্ৰমৰ পৰা আঁতৰি থাকিলে।
৫) মহিলাৰ নানা অসুখ , ইনফ্লুয়েঞ্জা আৰু গাঁঠি বিষৰ কাৰণেও কঁকালৰ বিষ হ’ব পাৰে।
৬) মেৰুদণ্ড পোন নকৰাকৈ বহু সময় ধৰি বহি থাকিলেও কঁকালৰ বিষ হ’ব পাৰে।
৭) শুই থকা অৱস্থাত মেৰুদণ্ড পোন কৰি নাৰাখিলেও কঁকালৰ বিষ হ’ব পাৰে।
৮) দীৰ্ঘপথ ভ্ৰমণ কৰিলে বা অতি গধুৰ বস্তু দাঙিলেও কঁকালৰ বিষ হ’ব পাৰে।
৯) ওখ জোতা পিন্ধিলেও কঁকালৰ বিষ হ’ব পাৰে।
১০) মাংসপেশী দুৰ্বল বা প্ৰস্ৰাৱৰ ৰোগ হলেও কঁকালৰ বিষ হ’ব পাৰে।
১১) মেৰুদণ্ডৰ আঙুঠিৰ ফাঁক বৃদ্ধি পালেও বিষ হ’ব পাৰে।
১২) ইউৰিক এচিড বেছি হ’লে বা ৰাজহাড়ৰ মজ্জা হৃাস পালেও কঁকালৰ বিষ হ’ব পাৰে।
কঁকালৰ বিষৰ পৰা ৰক্ষা পাবলৈ হ’লে মেৰুদণ্ড বেকা কৰি বহিব , শুব , খোজকাঢ়িব বা খেলা- ধুলা আদি কেতিয়াও কৰিব নালাগে। মেৰুদণ্ডই যাতে অধিক বোজা বহন কৰিব নালাগে বা বেছি গধুৰ বস্তু দাঙিব নালাগে। একেৰাহে অধিক সময় ধৰি বহি থাকিব নালাগে। কেলচিয়াম বা ফছফৰাছ যুক্ত বস্তু যথেষ্ট পৰিমাণে খাব লাগে। নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম কৰিব লাগে। বিশুদ্ধ ঠাণ্ডা পানী যথেষ্ট পৰিমাণে খাব লাগে। খাদ্যপ্ৰাণ ‘গ’ জাতীয় বস্তু যথেষ্ট পৰিমানে খাব লাগে।
বিষ বেছি হলে ওপৰৰ নিয়মবোৰ মানি চলাৰ লগতে ডক্টৰৰ পৰামৰ্শ লব লাগে।