জিঅ’ ফাইবাৰে(Jio Fiber) ভিডিঅ’ কলিংৰ ক্ষেত্ৰত এক নতুন সুবিধা আনি দিছে। এতিয়াৰে পৰা জিঅ‘ ফাইবাৰৰ গ্ৰাহকসকলে টিভিৰ জৰিয়তে কৰিব পাৰিব ভিডিঅ’ কল। তাৰ বাবে অতিৰিক্ত ৱেব কেমেৰাৰ কোনো প্ৰয়োজন নাই। গ্ৰাহকৰ ফোনটোৱে ব্যৱহাৰ হ’ব ৱেব কেমেৰা হিচাপে। এই ব্যৱস্থাটিৰ নাম দিয়া হৈছে কেমেৰা অন মোবাইল(Camera on Mobile)। কেৱল এন্ডৰইদ বা আই ফোন ব্যৱহাৰ কৰিয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব গ্ৰাহকসকলে।
জিঅ’ ফাইবাৰ ব্যৱহাৰ কৰা লোকে এই সুবিধা গ্ৰহণ কৰিবৰ বাবে কি কৰিব লাগিব সেই কথা তলত উল্লেখ কৰা হ’ল-
- নিজৰ এন্ডৰইদ ফোন বা আই ফোনত গুগল প্লে ষ্টোৰ লৈ গৈ JioJoin এপটো ডাউনল’ড কৰিব লাগিব।
- এপটোত ১০ টা ডিজিটৰ মোবাইল নম্বৰটো লিখি সংযোগ কৰিব লাগিব।
- ১০ টা ডিজিটৰ নম্বৰ টো দিয়াৰ পাচতহে ফোনৰ লগত জিঅ’ ফাইবাৰ(Jio Fiber) ৰ সংযোগ ঘটিব।
- ইয়াৰ পাচত এপ চেটিংছত গৈ কেমেৰা অন মোবাইল(Camera on Mobile) অপচনটো সক্ৰিয় কৰিব লাগিব।
- ইয়াৰ পাচত টিভিৰ জৰিয়তে ভিডিঅ’ কল কৰিব পৰা যাব।
উল্লেখ্য যে মূলতঃ অডিঅ’ আৰু ভিডিঅ’ ইনপুটৰ বাবে এই JioJoin এপটি ব্যৱহাৰ কৰা হয়। আনহাতে এই এপটো ব্যৱহাৰ কৰি থকা অৱস্থাত লেণ্ডলাইন ফোনত ভইছ কল কৰিব পৰা সুবিধাও আছে।
জিঅ’ৰ তৰফৰ পৰা জনোৱা মতে এই সুবিধা ভালদৰে গ্ৰহণ কৰিবৰ বাবে “5 gigahertz“ ৰ ৱাই ফাই ব্যৱহাৰ কৰিব লাগিব। আনহাতে 2.4 gigahertz ব্যৱহাৰ কৰা লোকসকলেও এই সুবিধা ল’ব পাৰিব যদিও সংযোগ স্থাপনৰ ক্ষেত্ৰত কিছু সমস্যা দেখা দিব পাৰে।