কেতিয়াবা আমাৰ মুখত ক’লা দাগ পৰা দেখিবলৈ পোৱা যায়। সুন্দৰ ধুনীয়া ছাল এখনৰ গৰাকী হৈ থাকিবলৈ সকলোৱে বিচাৰে। আমি তেতিয়াই সুন্দৰ হৈ থাকিব পাৰিম , যেতিয়া মেকআপ নকৰাকৈয়ো আমি সুন্দৰ হ’ব পাৰিম। সূৰ্যৰ পোহৰ , দুষিত বায়ু , অনিদ্ৰা বা ভুল জীৱন-যাপনৰ বাবেও আমাৰ মুখত ক’লা দাগ পৰিব পাৰে। গতিকে মুখৰ ক’লা দাগৰ বাবে বিচলিত নহৈ কেনেকৈ আঁতৰ কৰিব পাৰি জানো আহক-
১) এলোভেৰা জেল :- এলোভেৰা বা ছালকুঁৱৰীৰ পাতৰ ৰস ছালৰ বাবে খুবেই উপকাৰী। এলোভেৰাই মুখৰ দাগ আঁতৰাই ছালৰ উজ্বলতা আনে । কফি পাউদাৰ বা নেমুৰ বাকলি শুকুৱাই কৰা গুড়িৰ লগত এলোভেৰা জেল মিহলাই পেষ্ট তৈয়াৰ কৰি ল’ব লাগে। সপ্তাহত দুই বা তিনিবাৰ মুখত এই পেষ্ট ব্যৱহাৰ কৰিলে ক’লা দাগ নোহোৱা হয়।
২) দৈ :- মুখৰ ক’লা দাগ নোহোৱা কৰিবলৈ দৈ খুবেই উপকাৰী। দৈ আৰু মৌ মিহলাই পেষ্ট তৈয়াৰ কৰি ল’ব লাগে। এই পেষ্ট মুখত লগাই শুকোৱাৰ পিছত কুহুমীয়া পানীৰে মুখ ধুব লাগে। এনে ধৰণে কৰিলে মুখৰ ক’লা দাগ নোহোৱা হয়।
৩) চানস্ক্ৰিন :- সূৰ্যৰ ৰশ্মিয়ে ছালৰ বহুতো ক্ষতি কৰে। বেছি সময় ৰ’দত থাকিলেও মুখত ক’লা দাগ পৰে। গতিকে ঘৰৰ পৰা বাহিৰত ওলাই যোৱাৰ সময়ত চানস্ক্ৰিন ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয়।