কেতিয়াবা অসহ্য মুৰৰ বিষত চটফটাই থাকিব লগীয়া হয়। খোৱা-বোৱা আৰু শৌচ-প্ৰসাৱ অনিয়মীয়া হ’লে আমাৰ মূৰৰ বিষ হ’ব পাৰে। স্নায়বিক দুৰ্বলতা থাকিলে, মূৰত আঘাত পালে ,গভীৰ চিন্তা-চৰ্চা , উদ্বেগ , ছাইনাছিইটিছ , চকুৰ অসুখ আদি থাকিলেও মূৰৰ বিষ হ’ব পাৰে।
১) পেটত বায়ু জমা হোৱাৰ ফলত মূৰৰ বিষ হ’লে আমলখিৰ গুড়ি দুচামুচ , দুচামুচ মৌ আৰু ২০ চামুচ পানী মিশ্ৰণ কৰি দিনে দুবাৰকৈ একেৰাহে এমাহ খাব লাগে।
২) সূৰ্য কপালী ৰোগত মহাভৃংগৰাজৰ পাতৰ ৰস নাকেৰে শুঙাৰ উপৰি কপালত সানিলে ৰোগীয়ে আৰোগ্য লাভ কৰে।
৩) এচামুচ পিপলিৰ শিপাৰ ৰসত এচামুচ অশ্বগন্ধাৰ গুড়ি মিহলি কৰি একাপ পানীৰ সৈতে এডোখৰ গুড় দি পি খাব লাগে। দিনে তিনিবাৰকৈ খালে মূৰৰ বিষ উপশম হ’য়।
৪) পানী লগা বা ডিঙিৰ বিষৰ বাবে মূৰৰ কামোৰণি হ’লে মৌ আৰু তুলসীৰ ৰস মিশ্ৰণ কৰি দিনে তিনিবাৰকৈ খালে মূৰৰ বিষ নাইকীয়া হয়।
৫) শুকান বকুলৰ ফুল বা বকুল গছৰ গুটি পিহি নাকেৰে শুঙিলে মূৰৰ বিষ নাইকীয়া হয়।
৬) পচতীয়া পাত হাতেৰে মোহাৰি নাকেৰে শুঙিলেও মূৰৰ বিষ ভাল হয়।
৭) ছালকুঁৱৰীৰ পাতৰ বীজল মূৰত প্ৰলেপ দিলেও মূৰৰ বিষ নাশ হয়।
৮) আঠিয়া কলৰ ডিল জালুকৰ সৈতে ৰান্ধি খালে মূৰৰ বিষ ভাল হয়।
৯) ব্ৰাহ্মী ,মানিমুনি ,কোমোৰাৰ গুটি আমলখি একেলগে চাটনি কৰি দিনে দুইবাৰ খাব লাগে।
১০) পূৰৈশাকৰ পাতৰ বীজল মূৰত সানিলে মূৰৰ বিষৰ পৰা উপশম পাব পাৰি।