অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যয়নত এক অতি ভয়াবহ তথ্য পোহৰলৈ আহিছে যে ক’ৰনা ভাইৰাছ তথা ক’ভিড১৯ মহামাৰীয়ে মানুহৰ আয়ুস হ্রাস কৰিছে। বিশ্ববিদ্যালয়খনৰ এটি অধ্যয়ন অনুসৰি ২০১৯ চনৰ তুলনাত ২০২০ চনত অর্থাৎ ক’ভিড১৯ৰ ভয়াবহতাৰ বছৰটোত মানুহৰ আয়ুসকাল ৬ মাহতকৈও অধিক হ্রাস পাইছে৷
১৯১৮ চনৰ মহামাৰীৰ সময়ত জীৱনৰ প্ৰত্যাশা ১১ বছৰ হ্ৰাস পাইছিল। অৱশ্যে গৱেষকসকলৰ একাংশৰ মত অনুসৰি ক’ৰনাৰ বাবে হ্ৰাস হোৱা আয়ুসৰ হিচাপৰ বাবে এই সময় যথেষ্ঠ সোনকাল হৈ আছে। নতুন অধ্যয়নত দেখা গৈছে যে যদি জনসংখ্যাৰ মাত্ৰ ১ বা ২ শতাংশইও ক’ভিড১৯ত ভূগে ই জীৱনৰ প্ৰত্যাশা হ্ৰাস কৰিব পাৰে।
ছাংহাই বিশ্ববিদ্যালয়ৰ এছিয়ান ডেমোগ্ৰাফিক ৰিচাৰ্ছ ইনষ্টিটিউটৰ সহযোগী অধ্যাপক তথা অধ্যয়ন প্ৰধান গুইলাউম মাৰোইছে উল্লেখ কৰে যে, তেওঁলোকে এক অধ্যয়নৰ দ্বাৰা এটা বছৰৰ ভিতৰত ক’ভিড১৯ এ জীৱনক কেনেদৰে প্ৰভাৱিত কৰিছে সেই সম্পৰ্কে অধ্যয়ন কৰে।
মাৰোইছে কয় যে জীৱনৰ প্ৰত্যাশাৰ ওপৰত ক’ভিড১৯ৰ প্ৰভাৱৰ বিশ্লেষণ হৈছে মানৱ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ নিৰ্ধাৰণ কৰাৰ এক বিকল্প উপায়। তেওঁ কয় যে উক্ত অধ্যয়নে গৱেষকসকলক পূৰ্বৰ মহামাৰীৰ সৈতে প্ৰভাৱৰ পৰিমাণ তুলনা কৰাত সহায় কৰে। যেনে ১৯১৮ চনৰ ইনফ্লুৱেঞ্জা মহামাৰী আৰু ২০১৪ চনৰ ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ।
১৯১৮ চনৰ মহামাৰীৰ উৎসৰ ফলত সমগ্ৰ বিশ্বত ৫০০ নিযুতৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত আনুমানিক ৬,৭৫,০০০ জন লোকৰ মৃত্যু হৈছিল বুলি জনা যায়। মহামাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত আয়ুস ১১.৮ শতাংশ হ্ৰাস কৰিছিল।
তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ ইবোলা ভাইৰাছে পশ্চিম আৰু মধ্য আফ্ৰিকাৰ কেইবাখনো দেশক প্ৰভাৱিত কৰাৰ ফলত লাইবেৰিয়াত ১.৬ ৰ পৰা ৫.৬ বছৰলৈ জীৱনৰ প্ৰত্যাশা হ্ৰাস পাইছে। বৰ্তমানলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰত ৬.৮ নিযুতৰো অধিক লোক ক’ভিড১৯ত আক্ৰান্ত হৈছে আৰু ২,০০,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ বিশ্বস্ত উৎসৰ মতে আমেৰিকা যুক্তৰাজ্য, ভাৰত আৰু ব্ৰাজিলত সৰ্বাধিক সংখ্যক ক’ভিড১৯ ৰোগী আছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত মহামাৰীটোৱে ক’লা, লেটিন আৰু স্থানীয় আমেৰিকানসকলৰ ওপৰত অসামঞ্জস্যপূৰ্ণভাৱে উচ্চ প্ৰভাৱ পেলাইছে।
টেনেচীৰ নেচভিলৰ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ প্ৰতিৰোধমূলক ঔষধ আৰু সংক্ৰামক ৰোগৰ অধ্যাপক ড° উইলিয়াম শ্বাফনাৰে কয় যে শেষবাৰৰ বাবে জনসংখ্যাৰ সামগ্ৰিক মৃত্যুৰ হাৰৰ ওপৰত এনে ধৰণৰ প্ৰভাৱ পৰিছিল ৩০ বছৰতকৈও অধিক আগতে যেতিয়া এইচ আই ভিৰ সংক্ৰমণৰ হাৰৰ তথ্য উৰ্ধগামী হৈছিল।
ইণ্টাৰনেচনেল জার্নেল অৱ এপিডেমি’লজীত প্রকাশিত অক্সফ’ড বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ প্রতিবেদনৰ অন্যতম নেতৃত্ব বহনকাৰী ড° ঋধি কাশ্যপে প্রকাশ কৰা মতে অধিকাংশ দেশতেই মহিলাতকৈ পুৰুষৰ আয়ুসকাল বেছিকৈ হ্রাস পাইছে৷ আমেৰিকা যুক্তৰাষ্ট্রত পুৰুষৰ আয়ুসকাল সর্বাধিক হ্রাস পাইছে৷ ২০১৯ চনৰ তুলনাত ক’ভিড১৯ৰ ২০২০ বর্ষত আয়ুস ২.২ বছৰকৈ হ্রাস পাইছে৷