সমগ্ৰ বিশ্বকে উদ্বিগ্নতাৰ মাজলৈ ঠেলি ইতিমধ্যে তালিবান সেনাই কাবুল অধিকাৰ কৰিলে। সমগ্ৰ আফগানিস্তান এতিয়া তালিবানৰ কৱলত।
আফগানিস্তানৰ পৰা আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ অতি কম সময়ৰ ভিতৰতে তালিবানৰ এই আগ্ৰাসন বিশ্বৰ বাবে সম্পূৰ্ণ অপ্ৰত্যাশিত আছিল। আমেৰিকাৰ বাবে এয়া এক বৃহৎ বিফলতা।
এই ঘটনাৰ তাৎক্ষণিক প্ৰভাৱ সমগ্ৰ বিশ্বতে দেখা গৈছে। ছোভিয়েট ইউনিয়নে আফগানিস্তান এৰি যোৱাৰ সময়তো ভাৰতত ইয়াৰ প্ৰভাৱ লক্ষ্য কৰা হৈছিল। জম্মু আৰু কাশ্মীৰ বা পাঞ্জাৱ, এই সকলো অঞ্চল অতি স্বাভাৱিকভাৱে প্ৰভাৱিত হৈছিল।
কিন্তু ছোভিয়েট ইউনিয়নে আফগানিস্তান এৰি যোৱা আৰু আমেৰিকাই আফগানিস্তান এৰি যোৱাৰ তুলনা কৰিলে বৰ্তমানৰ পৰিস্থিতি অধিক জটিল। ইয়াৰ বহুতো কাৰণ আছে। প্ৰথমতে, পাকিস্তান ইয়াৰ পশ্চিম সীমান্তৰ চিন্তাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিছে। দ্বিতীয়তে, আমেৰিকা যুক্তৰাষ্ট্ৰই আফগান চৰকাৰে ইমান দিন ধৰি সৃষ্টি কৰা সম্পদ নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিছিল। সেই সকলোবোৰ এতিয়া তালিবানে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে।
চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বাঢ়ি অহা সংঘৰ্ষ বিশ্বৰ প্ৰেক্ষাপটত এনে সময়ত পৃথককৈ চোৱা সম্ভৱ নহয়। আমাৰ দেশৰ উত্তৰ অংশত অচলাৱস্থাসদৃশ পৰিস্থিতি হৈ আছে। এতিয়া পৰিস্থিতি সামান্য উন্নত হৈছে। এটা ভাল খবৰ যে সীমান্তত সেনাৰ নিযুক্তি বৃদ্ধি পাইছে।
কিছুমান ক্ষেত্ৰত দুয়োপক্ষৰ সৈন্যবাহিনীকো তেওঁলোকৰ বিৰোধীৰ সৈতে কথা পতাৰ পিছত আঁতৰি যোৱা দেখা গৈছে। পাকিস্তানক এনে সময়ত নিৰীক্ষণ কৰিব লাগিব বুলি একাংশই মন্তব্য কৰিছে। কাৰণ পাকিস্তানৰ অৰ্থনীতি খহি পৰিছে। আৰু সেই দেশৰ ৰাজনীতি সম্পূৰ্ণৰূপে সেনাৰ কৱলত। তালিবানৰ আফগানিস্তান দখলে এই সকলোবোৰ বিষয় প্ৰভাৱিত কৰিব।
কিছুদিন আগতে পাকিস্তানৰ ৰাজনৈতিক দল তেহৰিক-ই-তালিবানে এটা সন্ত্ৰাসবাদী গোটৰ সৈতে পোনপটীয়াকৈ হাত মিলাইছিল। পাকিস্তানৰ আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাও বৰ্তমান এক প্ৰশ্ন হৈ আছে। ভাৰতে পাকিস্তানত চীনে নিৰ্মাণ কৰা অৰ্থনৈতিক কৰিডৰৰ ওপৰতো চকু দিব লাগিব। লগতে পাকিস্তানৰ বেলুচিস্তানৰ সমস্যাৰ প্ৰতি ৰাজনৈতিক মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। সামগ্ৰিক দৃষ্টিকোণৰ পৰা, গোটেই বিষয়টো অতি জটিল হৈ পৰিছে।
পৰিস্থিতি কেনেদৰে নিয়ন্ত্ৰণলৈ অনা হ’ব সেয়া কোৱা কঠিন হৈ পৰিছে বুলি সকলোৱে মন্তব্য কৰিছে। ভাৰতৰ দৃষ্টিকোণেৰে বিষয়টো কেৱল চিন্তাৰেই নহয় গভীৰ উদ্বিগ্নতাৰ বুলি সচেতন মহলে প্ৰকাশ কৰিছে।