নিয়তিৰ বিধান কোনেও খণ্ডাব নোৱাৰে। সেয়ে সততে কোৱা হয় মানুহে পাতে ঈশ্বৰে ভাঙে। আৰু মাত্ৰ এমাহ পাছত দুয়ো একেলগ হৈ এখন ঘৰ কৰাৰ সপোন দেখিছিল। পৰিয়ালৰ লোকেও আশা কৰিছিল এঘৰে বোৱাৰী পাব আৰু আন ঘৰে জোঁৱাই।
দুজন মানুহ এক হৈ জীৱন কটোৱাৰ মিঠা সপোন সপোন হৈয়েই ৰৈ গ’ল। নিয়তিৰ কুটিল দৃষ্টিয়ে অজানিতেই প্ৰাণ কাঢ়ি নিলে ছিপাঝাৰৰ দুমুনীচকীৰ ফকৰুল ইছলাম (৩২) আৰু ৰুমিজা বেগম (২৬)ৰ৷ গতনিশা শৰাইঘাট দলঙত সংঘটিত এক ভয়াবহ দুর্ঘটনাত ঠাইতে প্রাণ হেৰুৱাবলগীয়া হ’ল আজন্ম একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিশ্ৰুতিবদ্ধ এই প্রেমিক যুগলে৷
বাকদত্তা ৰুমিজা বেগমৰ অসুস্থ ভাতৃক গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা আনিবলৈ যাত্ৰা কৰা প্ৰেমিক যুগল আৰু ঘৰলৈ উভতি নাহিল। শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দা মাৰি প্রায় পঞ্চাশ ফুট তলত বাগৰি পৰে ফকৰুল ইছলামে নিজে চলাই নিয়া ছুইফট ডিজায়াৰখন৷
বাতৰি অনুসৰি নিশা প্ৰায় ১২.৩০ বজাত শৰাইঘাট দলং পোৱাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন দলঙৰ তলত থকা লোৰ ৰেলিং ভাঙি ৫০ ফুট তলত পৰে। ফলত দুয়োগৰাকী ব্যক্তিৰ থিতাতেই মৃত্যু হয়।
উল্লেখ্য যে দুমুনীচকী অঞ্চলৰ মাৰুৱাচকী গাঁও নিবাসী ফকৰুল আৰু ৰুমিজা অহা ছেপ্তেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল। ফকৰুল ইছলাম এগৰাকী উদ্যমী যুৱ ব্যৱসায়ী হোৱাৰ উপৰি স্থানীয় বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ সৈতেও জডিত আছিল৷