ভাৰতৰ এজন শক্তিশালী অভিনেতা সঞ্জয় মিশ্ৰ ৷ যাৰ শক্তিশালী অভিনয়ে সহস্ৰ দৰ্শকক মুগ্ধ কৰি আহিছে ৷ সমগ্ৰ দেশতে যাৰ আছে লক্ষ লক্ষ অনুৰাগী ৷ আজি এইগৰাকী অভিনেতাৰ ওপজা দিন ৷ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম প্ৰতিভাশালী অভিনেতা সঞ্জয় মিশ্ৰৰ আজি জন্মদিন ৷
কিন্তু আশ্চৰ্যকৰ কথা যে নিজৰ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত এইজন অভিনেতা মুম্বাইলৈ ঘূৰি যাব খোজা নাছিল আৰু মৃত্যুক নিবিড়ভাৱে দেখা পোৱা সঞ্জয় সকলো মোহ-মায়া এৰি পৰ্বতলৈ গুছি গৈছিল। অৱশ্যে সঞ্জয় মিশ্ৰ কেৱল তেওঁৰ অভিনয়ৰ বাবেই নহয় ব্যক্তিগত জীৱনৰ উত্থান-পতনৰ বাবেও সমগ্ৰ ভাৰতবৰ্ষতে জনাজাত। সঞ্জয়ৰ জীৱনলৈকো এনেকুৱা সময় আহিছিল যে তেওঁ সকলো এৰি পৰ্বতলৈ গুছি গৈছিল আৰু অৱশেষত এখন ধাবাত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
অভিনেতাজনে নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ পেটত সংক্ৰমণ হৈছিল , যাৰ ফলত তেওঁৰ স্বাস্থ্য ইমানেই বেয়া হৈছিল যে তেওঁ বিচনাৰ পৰা উঠিবও পৰা নাছিল। সেই সময়তে সঞ্জয় তেওঁৰ ঘৰলৈ যায় আৰু দেউতাকৰ সৈতে থাকিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে সঞ্জয় সুস্থ হৈ উঠে ৷ কিন্তু সেইসময়ছোৱাতে তেওঁৰ দেউতাকৰ মৃত্যু হয়।
অভিনেতাজনে প্ৰকাশ কৰিছিল যে চকুৰ সন্মুখত দেউতাকৰ মৃত্যু দেখি তেওঁ বৰ বেয়াকৈ ভাগি পৰিছিল আৰু নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল যে যেতিয়া জীৱনৰ গতিপথ এনে হয়, তেতিয়া ঈশ্বৰে সৃষ্ট এই পৃথিৱীখনৰ কথা আমি পাহৰি যাওঁ ।
অৱশ্যে, ধাবাত কাম কৰাৰ সময়ত বহুলোকে সঞ্জয়ক চিনাক্ত কৰিছিল। উল্লেখনীয় যে এই ঘটনাৰ পিছতে জনপ্ৰিয় বলীউড অভিনেতা সঞ্জয় মিশ্ৰই ৰোহিত চেট্টীৰ ছবি ‘অল দ্য বেষ্ট’ৰ যোগেদি পুনৰ চলচ্চিত্ৰ জগতলৈ প্ৰত্যাৱৰ্তন কৰিছিল।