-নীতা চক্ৰৱৰ্তী
সাপ ,যাৰ নাম শুনিলেই ভয় আৰু আতংকত গাঁ শিয়ৰি উঠে , বুকুৰ ঢপঢপনি নিজেই শুনিবলৈ পোৱা যায় , সেই প্ৰাণী বিধেই হৈছে সাপ।
ৰহস্যময় প্ৰাণী হিচাপে সাপে অতীজৰে পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। ইহঁতৰ প্ৰতি ভয় ভাব থাকিলেও , শত্ৰু জ্ঞান কৰিলেও , যুগে যুগে পৃথিৱীত সাপক শ্ৰদ্ধাৰে পূজা কৰি অহা হৈছে।
পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাত সাপে এক লেখত লবলগীয়া অবদান আগবঢ়াই আহিছে। নিগনি , এন্দুৰৰ দৰে মানুহৰ ক্ষতিকৰ প্ৰাণীবোৰ ভক্ষণ কৰি ইহঁতৰ বংশ বৃদ্ধি ৰোধ কৰাৰ লগতে বিপুল পৰিমানৰ খাদ্য -শষ্য নষ্ট হোৱাৰ পৰা ৰক্ষা কৰি আহিছে। সেয়েহে সাপক কৃষকৰ বন্ধু বুলিও কোৱা হয়।
উচিত চিকিৎসাৰ অভাৱত আৰু বহুতো কথা নজনাৰ বাবে সৰ্প দংশনত বহুতো লোকৰ মৃত্যু হয়।
সৰ্প দংশনত চিকিৎসা আৰু নিত্যান্তই কৰিব লগীয়া কাম সমূহ হল——-
(১) আক্ৰান্ত জনক সাহস দিব লাগে যাতে তেওঁ ভীতিগ্ৰস্ত নহৈ ধৈয্য ধৰি থাকে।
(২) আক্ৰান্ত জনক সোনকালে সৰ্প বিষনাশক বেজি ( Antivenin /ASV -Antisnake Venom) থকা চিকিৎসালয়লৈ লৈ যাব লাগে।
(৩) যিমান পৰা যায় ব্যক্তিজনক লৰচৰ কৰিব দিব নালাগে। পেশী সঞ্চালনে দেহত বিষৰ গতি খৰতকীয়া কৰে।
(৪) যদি বমি কৰিব খোজে তেন্তে কাতি কৰি দিব লাগে , নহলে শ্বাসৰুদ্ধ হৈ বিপদ ঘটিব পাৰে।
(৫) ভৰিত দংশন কৰিলে জোতা মোজা খুলি দিব লাগে।
(৬) আঙুঠি , খাৰু , ঘড়ী , তাবিজ , ৰছী আদি খুলি দিব লাগে। নহ’লে শৰীৰত পানী জমা হৈ ওখহিলে সমস্যাই দেখা দিব পাৰে।
(৭) চিকিৎসালয়লৈ লৈ যোৱাৰ আগতে ব্যক্তিজনৰ সৰ্বশৰীৰত যাতে বিষ বিয়পিব নোৱাৰে , তাৰ বাবে দংশন স্থানৰ অলপ ওপৰ অংশত Crape bandage মাৰি দিব লাগে।