‘নাইটেংগেল অৱ ইণ্ডিয়া’ হিচাপে পৰিচিত সৰোজিনী নাইডু এগৰাকী বিখ্যাত কবি আৰু ৰাজনীতিক হিচাপে সকলোৰে পৰিচিত।
১৮৭৯ চনৰ ১৩ ফেব্ৰুৱাৰীত হায়দৰাবাদত সৰোজিনী নাইডুই জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক অঘোৰ নাথ চট্টোপাধ্যায় এজন বিশিষ্ট গৱেষক , বৈজ্ঞানিক আৰু মাক এগৰাকী কবি হিচাপে বিখ্যাত আছিল। সৰোজিনী নাইডুৱে হায়দৰাবাদৰ এক সুন্দৰ পৰিবেশৰ মাজত ডাঙৰ- দীঘল হৈছিল। কবি মাকৰ সান্নিধ্যত আৰু সুন্দৰ পৰিবেশৰ কাৰণে তেওঁৰ কবি প্ৰতিভা জাগ্ৰত হৈ উঠিছিল ।
তেওঁ ১৮ বছৰ বয়সতে এগৰাকী কবি হিচাপে অধ্যয়ন কৰা কলেজ কেইখনৰ শিক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
সৰোজিনী নাইডু অতি মেধাৱী ছাত্ৰী আছিল। ১২ বছৰ বয়সত মাদ্ৰাজ প্ৰেছিডেন্সি স্কুল বিলাকৰ ভিতৰত প্ৰথম স্থান লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত উচ্চ শিক্ষাৰ কাৰণে হাইদৰা নিজামৰ পৰা বৃত্তি লাভ কৰি লণ্ডনত কিংচ কলেজত কেম্বিজত গিৰুটন কলেজত অধ্যয়ন কৰিছিল। লণ্ডনত তিনি বছৰ অধ্যয়ন কৰাৰ পিছত ১৮৮৯ চনত ভাৰতলৈ ঘুৰি আহে।
সৰোজিনী নাইডুৱে তেওঁৰ কবিতা বিলাক ইংৰাজী ভাষাত লিখিছিল। ‘The Bird of time ‘ নামৰ কবিতা পুথিখন বিশেষ ভাৱে উল্লেখযোগ্য।
সৰোজিনী নাইডুৱে ১৯১৪ চনত ইংলেণ্ডত জাতিৰ পিতা মহাত্মা গান্ধীক লগ পাইছিল। মহাত্মা গান্ধীৰ লগত প্ৰায় তিনি দশক ধৰি দেশৰ হকে কাম কৰিছিল। বিখ্যাত ডাণ্ডী যাত্ৰাত তেওঁ মহাত্মা গান্ধীৰ সহযোগী আছিল। গান্ধীজীৰ উপৰিও জৱাহৰলাল নেহৰু , গোপাল কৃষ্ণ গোখলে আৰু মহম্মদ আলী জিন্না তেওঁৰ প্ৰিয় নেতা আছিল।
নাইডুৱে ৰাজনীতিত যোগদান কৰি দেশৰ আন মহিলা সকলক ৰাজনীতিত যোগদান কৰিবলৈ আহ্বান জনাইছিল। নাইডুৱে ১৯২৫ চনত কংগ্ৰেছৰ পথম মহিলা সভানেত্ৰী পদ লাভ কৰিবলৈ সক্ষম হৈছিল। দেশ স্বাধীন হোৱাৰ পিছত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল।
‘নাইটিংগেল অৱ ইণ্ডিয়া’ বুলি খ্যাত বিখ্যাত কবি , ৰাজনীতিক গৰাকীৰ আজি স্মৃতি দিৱস। ১৯৪৯ চনৰ আজিৰ দিনটোতে সৰোজিনী নাইডুৱে ইহলীলা সম্বৰণ কৰে।তেওঁৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো।