অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২১ৰ ফলাফল অনুসৰি মুঠ প্ৰাৰ্থীৰ ৯৩.১০ শতাংশ এইবাৰ উত্তীৰ্ণ হৈছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বমুঠ ৪,২৬,৫৫৩ গৰাকী প্ৰাৰ্থীৰ ১,৯৭,৫৬৫ জন ছাত্ৰ আৰু ২,২৮,৯৮৮ গৰাকী ছাত্ৰী এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকৰ ভিতৰত ৩,৯৭,১৩২ গৰাকী উত্তীৰ্ণ হৈছে।
উত্তীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীৰ ভিতৰত ১,৮৪,৪১১ জন ছাত্ৰ আৰু ২,১২,৭২১ গৰাকী ছাত্ৰী। ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ আৰু ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ।
পূৰ্বতে ঘোষণা কৰা অনুসৰি, এই বছৰ কোনো পদ (শীৰ্ষ ১০) ঘোষণা কৰা হোৱা নাই। যদিও ৪,৭৯৭ জন ছাত্ৰ আৰু ৫,৫৫১ গৰাকী ছাত্ৰীকে ধৰি সৰ্বমুঠ ১০,৭৫৮ জন প্ৰাৰ্থীয়ে ডিষ্টিংচন অৰ্থাৎ ৫১০তকৈ অধিক নম্বৰ লাভ কৰিছে। লগতে ৯,৩৩৪ জন ছাত্ৰ আৰু ১০,৭৫৮ জনসহ মুঠ ২০,০৯২ জন প্ৰাৰ্থীয়ে ষ্টাৰ বা ৪৫০তকৈ অধিক নম্বৰ লাভ কৰিছে।
উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটিয়ে এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত প্ৰথমবাৰৰ বাবে শীৰ্ষস্থান নাথাকিব বুলি ঘোষণা কৰিছিল। ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰাৰ পাছত ফলাফল ঘোষণাৰ ফর্মূলাক লৈ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উদ্বিগ্ন হৈ আছিল।
নৱম শ্ৰেণীত অনুষ্ঠিত হোৱা গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাত শিক্ষার্থীসকলে লাভ কৰা নম্বৰৰ জোখেৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিবেচনা কৰা হৈছে।
১৪ টাকৈ ৱেবছাইটত এই ফলাফল ঘোষণা কৰা হৈছে। প্ৰাৰ্থীসকলে নিম্নলিখিত ৱেবছাইটত ব্ৰাউজ কৰি ফলাফলসমূহ চাব পাৰিব।
https://sebaonline.org exametc.com
www.sebaresults.in
www.schools9.com
resultsassam.nic.in
assamjobalerts.com
www.results.shiksha
assamresult.in
www.assam.shiksha
https://iresults.net
www.assamonline.in
necareer.com
www.indiaresults.com
www.jagranjosh.com