VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ত্যাগ আৰু নিষ্ঠাৰ প্ৰতীক শকুন্তলা চৌধাৰী

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
February 22, 2022
in জীৱন
পদ্মশ্ৰী শকুন্তলা চৌধুৰীৰ দেহাৱসান
0
SHARES
111
VIEWS
Share on FacebookShare on Twitter

১৯২০ চনৰ ২৫ জুন তাৰিখে গুৱাহাটীৰ পাণ বজাৰৰ বৰপেটীয়া পাৰাত জন্ম গ্ৰহণ কৰা শকুন্তলা চৌধাৰীৰ পিতৃ হৰিনাথ  পাঠক চৌধাৰী এগৰাকী বৈষ্ণৱ সাধক আছিল।  বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় ভালেমান মূল্যবান প্ৰৱন্ধ সেই সময়ৰ আলোচনী আদিত  প্ৰকাশ পাইছিল। অসম সাহিত্য সভাৰো দুটা কাৰ্যকালৰ তেওঁ সহকাৰী সম্পাদক আছিল। ভাৰতীয় ঐতিহ্যৰ প্ৰতি অতি সচেতন হৰিনাথ পাঠক চৌধাৰীয়ে তেওঁৰ ল’ৰা-ছোৱালী কেইটাৰ নাম ৰাখিছিল -প্ৰিয়ম্বদা , শকুন্তলা , অনুসূয়া , অৰুন্ধতী , মালবিকা , মুৰলী আৰু সাৰংগ। শকুন্তলা চৌধাৰীৰ মাক বিদ্যাধাৰীয়ে আটাইকেইগৰাকী জীয়ৰীকে তাঁত বোৱাৰ পৰা গৃহ কৰ্মৰ সকলোখিনি কামত পাৰদৰ্শী কৰি তুলিছিল। মহিলা সকল ঘৰৰ চাৰিসীমাৰ ভিতৰত আৱদ্ধ হৈ থকা সময়তে হাৰমনিয়াম হাতত লৈ বৰগীত পৰিৱেশন কৰি সুখ্যাতি আৰ্জিছিল।তেনে এটি সংস্কৃতিবান পৰিয়ালৰ শকুন্তলা চৌধাৰী উচ্চ আদৰ্শ , উচ্চ চিন্তা আৰু সংস্কৃতি পৰায়ণ মনৰ হোৱাটোৱে স্বাভাৱিক।

দেশৰ লাখ লাখ গাঁৱৰ মহিলা আৰু শিশুৰ মংগলৰ কথা চিন্তা কৰি গান্ধীজীয়ে ১৯৪৪ চনত কস্তুৰবা  ট্ৰাষ্ট গঠন কৰে।  ১৯৪৬ চনৰ ৯ জানুৱাৰীৰ শুভ দিনটোত গুৱাহাটীৰ শৰণীয়া পাহাৰত মহাত্মা গান্ধীয়ে কস্তুৰবা গ্ৰাম সেৱিকা বিদ্যালয় স্থাপন কৰে আৰু অমলপ্ৰভাক ট্ৰাষ্টৰ বিশেষ দায়িত্ব দি থৈ যায়। গান্ধীজীয়ে অমলপ্ৰভাক আৱিষ্কাৰ কৰাৰ দৰে অমলপ্ৰভায়ো বহুদৰ্শী , কৰ্মপটু , সৎ আৰু বিদুষী শকুন্তলাক আৱিষ্কাৰ কৰিছিল।  অসমত কস্তুৰবা ট্ৰাষ্টৰ কাম আৰম্ভ কৰাৰ সময়ত প্ৰাদেশিক কাৰ্য চলাবৰ বাবে অমলপ্ৰভা দাসে শকুন্তলা চৌধাৰীৰ সহায়-সহযোগ বিচাৰিলে। শকুন্তলা চৌধাৰীয়ে আনন্দ মনেৰে সন্মতি জনাই ১৯৪৭ চনৰ পৰা এই মহৎ অনুষ্ঠানৰ লগত নিজকে বিলাই দিলে।  শকুন্তলা চৌধাৰীয়ে  প্ৰাদেশিক কাৰ্যালয়ৰ কাম সুচাৰুৰূপে  সম্পাদনা কৰাৰ উপৰিও কস্তুৰবা গ্ৰাম সেৱিকা বিদ্যালয়ৰ অবিৰাম কাৰ্যসূচীত সদায় অংশগ্ৰহণ কৰিছিল। গান্ধীজীয়ে আগবঢ়োৱা স্বাৱলম্বী কাৰ্যক্ৰম খন  ট্ৰাষ্টৰ কৰ্মী সকলে আখৰে আখৰে পালন কৰাৰ দৰে শকুন্তলা চৌধাৰীয়ে পায়খানা পৰিষ্কাৰ কৰা কাৰ্যতো সক্ৰিয় অংশ গ্ৰহণ কৰিছিল। ব্যক্তিগত ভাৱে শকুন্তলা চৌধাৰী সৰুৰে পৰা অতি পৰিষ্কাৰ -পৰিচ্ছন্ন আৰু পৰিপাটি আছিল বাবে তেওঁৰ কামবোৰো নিখুঁত ,পৰিপাটি আৰু পৰিষ্কাৰ আছিল।

স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব দিয়া গান্ধীজীৰ আদৰ্শ আগত ৰাখি শকুন্তলা চৌধাৰীয়ে নিজ হাতে কঁপাহ ধুনি হাতে কটা সূতাৰহে কাপোৰ পৰিধান কৰিছিল।অকল সেয়ে নহয় গুৱাহাটীত জন্ম গহণ কৰি ডাঙৰ-দীঘল হোৱা শকুন্তলা চৌধাৰীয়ে আন সেৱিকা সকলৰ লগত সমানে সমানে কঠীয়া ৰোৱা আৰু ধান দোৱা কাৰ্যও কৰিব পাৰিছিল।বাইদেউৰ এনে কাৰ্যই সেৱিকা সকলক অনুপ্ৰাণিত কৰিছিল।

সকলোৰে প্ৰতি সমভাৱাপন্ন  , কৰ্তব্যৰ প্ৰতি সচেতন , নিয়মানুৱৰ্তী আৰু শৃংখলাপ্ৰিয় শকুন্তলা  বাইদেউৰ গুণত মুগ্ধ হৈ অমলপ্ৰভাই ১৯৫৫ চনত তেওঁক কস্তুৰবা ট্ৰাষ্টৰ প্ৰাদেশিক প্ৰতিনিধিৰ দায়িত্ব অৰ্পণ কৰে। সেই সময়ত নাগালেণ্ড , মিজোৰাম , মেঘালয় আদি অসমৰ ভিতৰতে থকা বাবে দুৰ্গম পথেৰে তেওঁ সেইবোৰ ঠাইলৈ অমলপ্ৰভা দাসৰ লগত গৈ কস্তুৰবা গ্ৰাম সেৱক কেন্দ্ৰ স্থাপন কৰিছিল। ১৯৬০ চনত বিনোৱাজীৰ লগত পদযাত্ৰাৰ সময়ছোৱাত  শকুন্তলা চৌধাৰী সহযাত্ৰী আছিল। বিভিন্ন ৰাজহুৱা সভাত বিনোৱাজীৰ হিন্দী ভাষণ তেওঁ   অসমীয়ালৈ অনুবাদ কৰি সকলোকে মুগ্ধ কৰিছিল। সেই যাত্ৰা কালত তেওঁ ভালেসংখ্যক আধ্যাত্মিক গ্ৰন্থ অধ্যয়ন কৰিছিল। বিনোৱাভাৱেৰ উপদেশ মতে শকুন্তলা চৌধাৰীয়ে  ১৯৭৬ চনৰ পৰা ‘অসমীয়া বিশ্ব নগৰী’ নামৰ মাহেকীয়া পত্ৰিকা খনৰ সম্পাদনাৰ দায়িত্ব লৈছিল।

বিনোৱাজীৰ ভক্ত শকুন্তলা চৌধাৰীয়ে তেওঁৰ পৰামৰ্শ মতেই স্ত্ৰীশক্তি জাগৰণৰ কাৰ্যক্ৰমত সক্ৰিয় ভূমিকা লৈছিল। ১৯৭৩ চনত অসমতো শকুন্তলা চৌধাৰীৰ নেতৃত্বত হোৱা পদযাত্ৰাই সকলোৰে মন আকৰ্ষণ কৰাৰ লগতে এই পদযাত্ৰাত গুজৰাটে প্ৰথম স্থান আৰু অসমে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

শকুন্তলা চৌধাৰী সৰুৰে পৰা অতি মেধাৱী আছিল। স্কুলত পঢ়ি থকা সময়ত প্ৰতিটো শ্ৰেণীত প্ৰথম স্থান দখল কৰা , বিভিন্ন হাতৰ কামত পাৰ্গত হোৱা , খেলা-ধূলাত পাৰদৰ্শী , অভিনয়-আবৃত্তি আদিৰে সকলোৰে অন্তৰ জয় কৰা শকুন্তলা চৌধাৰীয়ে শাৰীৰিক  অসুস্থতাৰ কাৰণে বি এ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে । মানুহৰ সৰ্বাংগীন কল্যাণৰ স্বাৰ্থত নিজকে বিলাই দি সুখী হোৱা বাইদেৱে দুবছৰমান নগাঁও ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু গুৱাহাটীৰ তাৰিণীচৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অজস্ৰ ছাত্ৰীৰ মন জয় কৰিব পাৰিছিল।

ত্যাগেই তেওঁৰ আনন্দ , ত্যাগেই তেওঁৰ বৈভৱ। সমাজৰ পৰা কলুষ-কালিমা, হিংসা – সন্ত্ৰাস দূৰ কৰাৰ স্বপ্ন দেখা শকুন্তলা চৌধাৰীয়ে নাৰী সৱলীকৰণ আৰু সমাজ কল্যাণৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিছিল। ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে জেষ্ঠ নাগৰিক সকলৰ বাবে আগবঢ়োৱা ‘বয়োজেষ্ঠা’ সন্মানৰে তেওঁক সন্মানিত কৰিছিল। আনহাতে ২০২২ বৰ্ষত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰেও সন্মানিত কৰে।

সততা , সৰলতা আৰু অহিংসা নীতিৰে নিজৰ জীৱন উছৰ্গা কৰা মহিয়সী নাৰী গৰাকীয়ে বাৰ্ধক্য জনিত ৰোগত ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ১০২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে । বহুদৰ্শী , কৰ্মপটু , সৎ আৰু বিদুষী  শকুন্তলা চৌধাৰী বাইদেউ ত্যাগৰ প্ৰতীক হৈ সদায় জিলিকি থাকিব আমাৰ সকলোৰে হৃদয়ত। (সহায় লৈ)

Previous Post

এমাহৰ ভিতৰতে অসমলৈ স্থানান্তৰিত হ’ব অইলৰ মুখ্য কার্যালয়

Next Post

ৰঙিয়াত উন্মোচন সৃষ্টিৰ সন্ধানত ই-আলোচনী

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ৰঙিয়াত উন্মোচন সৃষ্টিৰ সন্ধানত ই-আলোচনী

ৰঙিয়াত উন্মোচন সৃষ্টিৰ সন্ধানত ই-আলোচনী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7