ঠাণ্ডা দিনত আমাৰ ছাল খনত নানা সমস্যাই দেখা দিব পাৰে। প্ৰাকৃতিৰ পৰা সামগ্ৰীৰে যতন লৈ আমি ছালখন অধিক ধুনীয়া কৰি ৰাখিব পাৰো—
১) ঠাণ্ডা দিনত সাধাৰণতে ওঁঠ ফটা দেখা যায়। ওঁঠ ফাটিলে মৌজল ৰাতি শোৱাৰ সময়ত লগাব লাগে।গাখীৰৰ সৰ সানিলেও ওঁঠ ফটা বন্ধ হয় আৰু ছালখন নিমজ হ’য়।
২) ঠাণ্ডা দিনত গাৰ ছাল ফাটে আৰু খহটা হ’য়। ছাল সোঁতৰা নপৰিবলেৈ জুইৰ তাপৰ পৰা আঁতৰত থাকিব লাগে । গৰম পানীৰে গা ধোৱা ছালৰ বাবে ক্ষতিকাৰক।কুহুমীয়া পানীৰে আমি গা ধুব পাৰো। গা ধোৱা পানীত নেমু এটাৰ ৰস চেপি সেই পানীৰে গা ধুলে শৰীৰৰ পৰা সুগণ্ঠি বাহিৰ হয় আৰু গাৰ ছালখনো নিমজ হয়।
৩) ঠাণ্ডা দিনত ছাল মসৃণ কৰিবৰ কাৰণে ‘ C’ ভিটামিন পৰ্যাপ্ত পৰিমানে খাব লাগে। বিশেষকেৈ আমলখি , শিলিখা , মধুৰী , কাজিনেমু , কমলা টেঙা , ৰবাব টেঙা , চকলা টেঙা , মৌচুম্বি , মহানিমৰ পাত , নৰসিংহৰ পাত , বিলাহী , পালেং , চুকা , ধনিয়াপাত , থেকেৰা , ঔটেঙা আদি উল্লেখযোগ্য।
৪) মুখৰ ছাল খন নেমুৰ ৰস মিহলোৱা কুহুমীয়া পানীৰে ধুই লোৱাৰ পাছত ছালকুঁৱৰীৰ বীজল পাতলকৈ লেপন দি দুই মিনিট সময় মালিচ কৰিব লাগে। শুকোৱাৰ পাছত ঠাণ্ডা পানীৰে ধুই দিব লাগে।
৫) ঠাণ্ডা দিনত ছালত বয়সৰ আঁচোৰ পৰিলে ময়দা অলপ দৈত মিহলাই গালত আৰু শৰীৰৰ আন অংশৰ ছালত সানি ঠাণ্ডা পানীৰে ধুই দিলে ছালত পৰা বলি ৰেখা নাইকিয়া হয়।
৬) ছালত ক’লা তিল হ’লে এচামুচ তিয়হৰ ৰসৰ লগত গাজৰৰ ৰস এচামুচ মিশ্ৰণ কৰি ঠাণ্ডা দিনত দুবাৰ কৈ লগালে সুফল পোৱা যায়।
৭) ভৰিৰ গোৰোহা ঠাণ্ডা দিনত ফাটে। নিমখ মিহলোৱা গৰম পানীৰে ভৰিৰ তলুৱা ভাৰদৰে ধুই লোৱাৰ পাছত ছালকুঁৱৰীৰ বীজল ভাৰদৰে সানিব লাগে। দিনত দুই-তিনিবাৰ কৰিলে গোৰোহা ফটা ভাল হয়।
৮) বৰ গছ বা আঁহত গছৰ আঠা ভৰিৰ গোৰোহাত লগালেও গোৰোহা ফটা ভাল হয় আৰু গোৰোহাৰ ছাল নিমজ হয়।
৯) ঠাণ্ডা দিনত মূৰৰ ছালত উফি হ’লে ঔটেঙাৰ বীজখিনি মূৰত ১৫ মিনিট সময় প্ৰলেপ দি ঠাণ্ডা পানীৰে ধুই দিব লাগে।
১০) মুখত কেঁচা হালধিৰ ৰস সানি তাৰ ওপৰত মৌ ৰস আৰু তুলসীৰ ৰস সানিলে ছালৰ দাগ নাইকিয়া হয় আৰু ছালখন ধুনীয়া হয়।
১১) কমলা টেঙাৰ বাকলি গুড়া কৰি মৌৰ সতে ছালত সানিলে ছালৰ ৰং কমলা টেঙাৰ দৰে অতি সুন্দৰ হয়।
গতিকে ঠাণ্ডা দিনত এলাহ নকৰি প্ৰকৃতিৰ পৰা পোৱা উপাদানেৰে শৰীৰৰ যতন ললে ছালখন নফটাকৈ ৰখাৰ লগতে ধুনীয়া কৰি ৰাখিব পাৰো।