২০২১ চনৰ ভিতৰত ভাৰতত স্মাৰ্টফ’ন ব্যৱহাৰকাৰীৰ সংখ্যা ৭৬০ নিযুততকৈ অধিক হ’ব বুলি পৰিসংখ্যাত প্ৰকাশ পাইছে।
আনহাতে ২০২১ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে স্মাৰ্টফ’ন ব্যৱহাৰকাৰীৰ সংখ্যাই ৩.৮ বিলিয়ন অতিক্ৰম কৰিব।
স্মাৰ্টফ’নৰ লগত জড়িত বিভিন্ন সংস্থাৰ পৰিসংখ্যা মতে ২০১৯ চনত বিশ্বব্যাপী স্মাৰ্টফ’ন ব্যৱহাৰকাৰীৰ সংখ্যাই প্ৰায় ২.৭ বিলিয়ন অতিক্ৰম কৰিছে। যি পৰিসংখ্যা বিশ্বৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ।
চীনৰ দ্ৰুত বিকাশৰ বাবে দেশখনে স্মাৰ্টফ’ন ব্যৱহাৰকাৰীৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ এই স্থানৰ পৰা বহু নিলগত।
২০১৫ চনত চীনৰ জনসংখ্যাৰ ৩৮ শতাংশই স্মাৰ্টফ’ন ব্যৱহাৰ কৰিছিল। বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে বিবেচনা কৰাৰ পাছতো এই পৰিসংখ্যা আকৰ্ষণীয়। আনহাতে ২০১৯ চনলৈ চীনৰ জনসংখ্যাৰ প্ৰায় আধালোকে স্মাৰ্টফ’ন ব্যৱহাৰ কৰিছে বুলি সমীক্ষাই কৈছে।
২০১৯ চনত চীনত স্মাৰ্টফ’ন ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ৬৭৫ নিযুত বুলি অনুমান কৰা হৈছিল। বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ ভাৰতে ২০১৭ চনত স্মাৰ্টফ’ন ব্যৱহাৰকাৰীৰ সংখ্যাত আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰিছিল।
ভাৰতত প্ৰায় ৩৪০ নিযুত ব্যৱহাৰকাৰীৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰত ২২৩ নিযুত লোকে স্মাৰ্টফ’ন ব্যৱহাৰ কৰিছিল। কিন্ত উল্লেখনীয় কথাটো হ’ল ভাৰতত সংখ্যাগত পৰিমাণ বহু বেছি হোৱা স্বত্বেও আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়াও ভাৰততকৈ বোধশক্তিসম্পন্ন বা স্মাৰ্ট ব্যৱহাৰকাৰীৰ সংখ্যা অধিক।
ভাৰতত স্মাৰ্ট ব্যৱহাৰকাৰীৰ হাৰ ২০১৮ চনত ২৮ শতাংশতকৈ অধিক বুলি অনুমান কৰা হৈছিল। যি সংখ্যা আমেৰিকা যুক্তৰাজ্যই ২০১১ চনতে অতিক্ৰম কৰিছে। ২০১৭ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত এই হাৰ মুঠ ৬৮.৪ শতাংশ বুলি অনুমান কৰা হৈছে।