ফুলৰ সুগন্ধি আৰু সৌন্দৰ্য্যই সদায় আমাক আকৰ্ষণ কৰে৷ বিভিন্ন প্ৰকাৰৰ ফুলৰ পৰা তৈয়াৰী সুগন্ধি,ফুলৰ মালা,ফুলৰ টোৰা,পূজা আদি মাংগলিক কাৰ্য্যত ইয়াৰ ব্যৱহাৰৰ ওপৰিও বিভিন্ন ঔষধ প্ৰস্তুত কৰণৰ বাবেও ফুলৰ ব্যৱহাৰ অপৰিহাৰ্য্য ৷ আমাৰ সচৰাচৰ ব্যৱহৃত ফুলবোৰৰ ভিতৰত গোলাপ ফুল এনা এবিধ ফুল যি ৰূপে গুণে অতুলনীয়৷ গোলাপ ফুলৰ সৌন্দৰ্য্য আৰু সুগন্ধিয়ে আমাক সদায়েই আকৰ্ষিত কৰি আহিছে৷গোলাপৰ ৰূপত ভোল গৈ কত কবি-লিখকৰ কলমেৰে নিগৰিছে অপূৰ্ব সৃষ্টি৷
আহকচোন এই গোলাপফুলৰ ঔষধি গুণ সমূহৰ বিষয়েও জানোঁ
- গোলাপ ফুল তিনিপাহ পানীত ধুই তাক একাপ পানীত কিছুসময় তিয়াই ৰাখি তাত এক চামুচ হালধিৰ গুড়ি মিহলি কৰি ভালদৰে এক মিশ্ৰণ তৈয়াৰ কৰি লৈ এই মিশ্ৰণ চকু ৰঙা পৰা ৰোগত দুই তিনি টোপালকৈ দিলে সোনকালে উপশম পোৱা যায়৷
- পেটত গেছ জমা হোৱাৰ ফলত শৌচ কঠিন হ’লে গোলাপ ফুলৰ পাহি চাৰি পাঁচটা পিহি খাব লাগে৷
- মূৰৰ কামোৰণিত গোলাপৰ পাহিৰ ৰস উলিয়াই নাকত দিলে মূৰৰ কামোৰণি ভাল হয়৷
- আহাৰ খোৱাৰ পিছত চাৰি পাঁচটা গোলাপৰ পাহি চোবাই খালে আহাৰ হজম হোৱাত সহায় হয় আৰু দেহৰ দূষিত পদাৰ্থ বাহিৰলৈ ওলোৱাত সহায় কৰে৷
- প্ৰসাৱৰ দোষ থাকিলেও কেইটামান গোলাপৰ পাহি খালে উপশম পোৱা যায়৷
- চকু ৰঙা পৰা আৰু চকুৰ খচখচনি আদিত গোলাপ ৫/৬ পাহ এৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা সেই পানীৰে চকু ধুলে সুফল পোৱা যায়৷
- আমাশয়ত গোলাপ ফুলৰ পাহি ২০টা ,চেনি ১ চামুচ,১কাপ গাখীৰ ,দুটা ইলাচি আৰু এটা তেজপাত পায়স কৰি খালে উপশম পোৱা যায়৷