প্ৰতি ঘৰ মানুহৰ পাকঘৰত দৈনিক ব্যৱহাৰ কৰা বাচন-বৰ্তন বোৰ লেতেৰা হৈ কলা পৰি যোৱা দেখা যায়।প্ৰতিজনী গৃ্হিনীয়ে সেইবোৰ চাফা কৰিবলৈ যথেষ্ঠ কষ্ট কৰিবলগীয়া হ’য়।বিশেষকৈ এলুমিনিয়ামৰ বাচন-বৰ্তন বোৰ বেচিকৈ লেতেৰা হৈ এটা সময়ত একেবাৰে ক’লা পৰি যায়।
তেনে বাচনত অলপ পানী ঢালি গেছত উতলিবলৈ দিব লাগে আৰু বেছিকৈ উতল আহিলে তাত নেমুৰ ৰস আৰু এচামুচ নিমখ ঢালি ভালদৰে উতল আহিবলৈ দিব লাগে।দেখিব লাহে লাহে নেমুৰ ৰস আৰু নিমখৰ মিশ্ৰণ খিনিয়ে বাচনটোৰ লেতেৰা অংশ চাফা কৰি পৰিষ্কাৰ কৰি দিছে।
ইয়াৰোপৰি এটা ডাঙৰ পাত্ৰত পানী ঢালি উতলিবলৈ দি তাত এবাটি কাষ্টিং চডা ঢালি উতল আহিলে তাত লেতেৰা বাচনবোৰ দি লৰাই থাকিব লাগে।দেখিব যে বাচনত লাগি থকা ক’লা লেতেৰা খিনি নিজে নিজে চাফা হৈ গৈছে।
একেদৰে বেকিং চ’ডা আৰু ডিটাৰ্জেন্ট পাউদাৰ প্ৰয়োগ কৰিও লেতেৰা বাচন পৰিষ্কাৰ কৰিব পাৰি।একে পদ্ধতিৰে ডাঙৰ পাত্ৰত পানী ঢালি উতল আহিলে বেকিং চ’ডা আৰু ডিটাৰ্জেন্ট পাউদাৰ মিহলাই লেতেৰা বাচনটো সম্পূৰ্ণ ডুব যোৱাকৈ জুবুৰিয়াই থৈ দিব লাগে।দেখিব লাহে লাহে বাচনত লাগি থকা লেতেৰা ক’লা ৰংবোৰ নিজে নিজে চাফা হৈ পৰিষ্কাৰ হৈ গৈছে।
আকৌ একে পদ্ধতিৰে এটা ডাঙৰ পাত্ৰত পানী ঢালি উতল আহিলে নেমুৰ ৰস আৰু ভিনেগাৰ মিহলাই বাচনবোৰ ডুবাই ৰাখিব লাগে।কিছু সময় ডুবাই ৰখাৰ পিছত বাচন চাফা কৰা জাবৰেৰে বাচনবোৰ ঘঁহি দিলেই অতি সহজে লেতেৰা ক’লা ৰং বোৰ আতৰ হৈ যাব।
বিঃদ্ৰঃঅৱশ্যে লিখনিত উল্লেখ কৰা এই পদ্ধতি সমূহ সাধাৰণ জ্ঞান আৰু বিভিন্ন তথ্যৰ ওপৰত আধাৰিত।গতিকে বিশদভাৱে জানিবলৈ হলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী।