কাৰ্যালয়ত প্ৰৱেশৰ সময় নিৰ্দিষ্ট যদিও প্ৰস্থানৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। পুৱা অফিচত প্ৰৱেশ কৰা ব্যক্তিজনে লেপটপটো খুলি কাম আৰম্ভ কৰে, চকীখন এৰি থিয় হোৱাৰ পিছত দেখা যায় যে কেইবাঘণ্টাও পাৰ হৈ গ’ল। এইটো বহুতৰে দৈনন্দিন অভ্যাস। বহু দেৰি বহি থাকিলে চৰ্বি জমা হোৱা, ওজন বৃদ্ধি, পেশীৰ নমনীয়তা কমি যোৱা আদি সমস্যা হয় ৷ হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। অফিচলৈ গৈ দীৰ্ঘদিন ধৰি একে ঠাইতে কাম কৰাৰ পিছতো সুস্থ হৈ থাকিবলৈ দৈনন্দিন অভ্যাসত কিছু সালসলনি কৰাটো জৰুৰী। অফিচত নিজকে কেনেকৈ ফিট কৰি ৰাখিব পাৰি জানি লওক?
১)এটা ঠাইত বহি ঘণ্টাৰ পিছত ঘণ্টা কাম কৰাটো সম্ভৱ নহয়। এটা নির্দ্দিষ্ট সময়ৰ মুৰে মুৰে থিয় হোৱা বা খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। প্ৰয়োজন হ’লে ফোনত এলাৰ্ম দিব। এঘণ্টাৰ পিছত কেইমিনিটমান খোজ কাঢ়িব লাগে।
২) শৰীৰত পানীৰ অভাৱ পুৰণ হৈছে নে নাই সেই দিশত গুৰুত্ব দিয়াটো জৰুৰী। ডিহাইড্ৰেচনৰ ফলত মূৰৰ বিষ, ভাগৰুৱা হোৱা আদি সমস্যাৰ সৃষ্টি হয়। গতিকে গোটেই দিনটো অলপ অলপকৈ পানী খাই থাকিব।
৩) কামৰ সময়ত সকলোৰে কম বেছি পৰিমাণে ভোক লাগে। আৰু বহুতে ভোক পূৰ কৰিবলৈ ৰোল, চাওমিন, মম’ আদিৰ দৰে ভজা পোৰা খাদ্য খাই ৷ কিন্তু এই অভ্যাস পৰিত্যাগ কৰা উচিত। অফিচত সদায় লগত স্বাস্থ্যকৰ জলপান ৰাখক। ভোক দূৰ কৰিবলৈ স্বাস্থ্যসন্মত খাদ্য যেনে ফল, দৈ, শুকান ফল, মাখানা, বুট খাব লাগে।
৪) কম্পিউটাৰৰ পৰ্দাৰ সন্মুখত দীৰ্ঘদিন ধৰি অবিৰতভাৱে কাম কৰিলে চকু দুটা অৱশ হৈ পৰে । গতিকে নিজে চকুৰ যত্ন ল’ব লাগিব। প্ৰয়োজন হ’লে ‘ব্লু ৰে প্ৰটেক্টৰ’ চশমা পিন্ধক। ২০ ফুট দূৰৰ বস্তু এটালৈ ২০ মিনিটৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বাবে চোৱাৰ অভ্যাস কৰক।
৫)অফিচত কামৰ চাপ বেছি হ’লে মানসিক চাপো বাঢ়ি যায়। মানসিক চাপে শৰীৰত বিভিন্ন ৰোগৰ কাৰক হৈ পৰে ৷ গতিকে কামৰ মাজত কিছু আজৰি সময় উলিয়াওক আৰু সহকৰ্মীসকলৰ সৈতে কথা বতৰা পাতক ৷ অফিচৰ কাম ঘৰলৈ লৈ নাযাব। অফিচৰ বাহিৰত বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটাওক। মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে যোগাসন, ধ্যান, প্ৰাণায়ামৰ অনুশীলন আৰম্ভ কৰক।