বৰ্তমান সময়ত সকলো মানুহেই স্বাস্থ্যৰ প্ৰতি সচেতন । দৈনন্দিন জীৱনৰ নিজৰ কৰিবলগীয়া কামৰ লগতে খোৱা বোৱাৰ ক্ষেত্ৰতো আজিকালিৰ জনসাধাৰণ যথেষ্ট সজাগ । ক’ভিড ১৯ৰ দুৰ্যোগৰ সময়ত সকলো লোকেই নিজৰ লগতে পৰিয়ালৰ সকলোৰে খাদ্য তালিকাত অলপ হ’লেও শৰীৰৰ বাবে উপকাৰী খাদ্যৰ পৰিমাণ বঢ়াবলৈ চেষ্টা কৰি আহিছে । সদায় খাই থকা চালাডখিনিয়েও মানুহৰ শৰীৰত পৰিপুষ্টি যোগোৱাত যথেষ্ট সহায় কৰে ।
চালাড এনে এবিধ খাদ্য যি সকলো সময়ৰ বাবেই উপযোগী । ৰাতিপুৱাৰ সময়খিনি পুষ্টিকৰ খাদ্য গ্ৰহণৰ কাৰণে আটাইতকৈ ভাল সময় । দিনতোৰ আৰম্ভণি যদি পুষ্টিকৰ খাদ্যৰ জৰিয়তে হয় তেন্তে গোটেই দিনতোত শৰীৰটোৱে প্ৰচুৰ শক্তি পায়। গতিকে ৰাতিপুৱাৰ সময়ত এবাটি ৰঙীন পুষ্টিকৰ চালাডেৰে দিনটোৰ আৰম্ভণি কৰিব পাৰি ।
শাক-পাচলি , ফল-মূল আদিত নানান উপকাৰী এন্টিঅক্সিডেণ্ট থাকে যিয়ে শৰীৰটোক পুষ্টি যোগোৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়ায় । কম কেলৰিযুক্ত চালাড খোৱাৰ অভ্যাস কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে । ওজন নিয়ন্ত্ৰণত ৰাখিবৰ বাবে ঘৰতে বনোৱা পাতল ধৰণৰ চালাড অতি উপকাৰী । কেঁচা শাক- পাচলি আৰু ফল-মূলৰ চালাডৰ উপৰিও কম সময়ৰ বাবে ভাঁপত বা পানীত সিজোৱা শাক –পাচলিও চালাড বনাই খাব পৰা যায় ।
ৰঙীন শাক-পাচলি ,ফল-মূল , ব্ৰুকলি, কেপচিকাম, মটৰ ,বুট , বিলাহী , বিট , গাজৰ , পালেং , পিঁয়াজ আদিৰে চালাড বনাব পৰা যায় । নিমখ , নেমুৰ ৰস , জালুক আদিবোৰ কম পৰিমাণে দি , দৈ ৰ সহায়ত ড্ৰেচিং কৰি এক পুষ্টিকৰ চালাড বনাব পৰা যায় । বিভিন্ন ধৰণৰ ফল-মূল যেনে কল, আপেল, ডালিম,মধুৰি, আম , নাচপতি ,অমিতা ,আঙুৰ, এভ’কাড’ , ড্ৰেগন ফল , কমলা, তৰমুজ আদিৰ জৰিয়তেও আবেলিৰ স্নেকছ হিচাপে চালাড বনাই খাব পাৰি । ইয়াৰ উপৰিও সিজোৱা মাংস , ৰাজমা , সিজোৱা কণী , সূৰ্যমুখীৰ বীজ আদি ব্যৱহাৰ কৰিও চালাড বনাব পৰা যায় ।
বহুতো লোকে চালাড খাই ভাল নাপায় । তেনে লোকৰ এক ধাৰণা যে চালাডবোৰ তৃপ্তিদায়ক নহয় । তাৰ সলনি বজাৰত পোৱা লোভনীয় ফাষ্টফুড বোৰহে তেনে লোকৰ পচন্দৰ শাৰীত পৰে । কিন্তু অলপ কষ্ট কৰিলে ঘৰতেই স্বাস্থ্যৰ বাবে উপকাৰী এবাটি সুস্বাদু চালাড তৈয়াৰ কৰি লব পাৰি । বৰ্তমান সময়ত বজাৰত উপলব্ধ ফাষ্ট ফুডবোৰতকৈ ঘৰতে বনোৱা চালাড বেছি পুষ্টিকৰ আৰু স্বাস্থ্যৰ পক্ষেও উপকাৰী ।