ঘৰ ক্ৰয়ৰ পিছত নতুন ঠিকনা সজাই তোলাটো এটা কঠিন কাম। বহুতে ঘৰ সজাৰ পৰিকল্পনা বহুদিনৰ পৰা কৰে ৷ কিন্তু ইচ্ছা থাকিলেও সেয়া সদায় সম্ভৱ নহয়। কিন্তু মন দিলে কম বাজেটতো নতুন ঘৰৰ ৰূপ সলনি কৰিব পাৰি।
কাঠৰ আচবাব ব্যৱহাৰ কৰক
নতুন ঘৰ সজাবলৈ প্ৰথম সামগ্ৰী হ’ল আচবাব। আজিকালি চোফাৰ পৰা বিচনালৈকে সকলোতে অত্যাধুনিকতাৰ স্পৰ্শ আছে। কিন্তু যদি আপুনি আপোনাৰ ঘৰখন বেলেগ ধৰণে সজাব বিচাৰে, তেন্তে কাঠৰ আচবাব ব্যৱহাৰ কৰক। পুৰণি ডিজাইনৰ কাঠৰ আচবাব হ’লেও কোনো কথা নাই ৷ সেইবোৰ পলিচ কৰি ৰং কৰিব পাৰি। ঘৰৰ সৌন্দর্য্য বাঢ়িব।
ঘৰৰ ভিতৰত ৰাখক ইনড’ৰ প্লাণ্ট
ঘৰৰ ভিতৰৰ বিভিন্ন প্ৰকাৰৰ গছ-গছনি ব্যৱহাৰ কৰি ঘৰটো সজোৱা বহুদিনৰ পৰা চলি আহিছে। কোঠাৰ পৰিৱেশ পৰিষ্কাৰ কৰাৰ লগতে ঘৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব। কিন্তু প্ৰতিজোপা গছ বেলেগ বেলেগ হ’লে অধিক আকর্ষনীয় হয় ৷
বেৰত ছবি ব্যৱহাৰ কৰিব পাৰে
ঘৰৰ ভিতৰত সোমাই সকলোৰে বেৰখনলৈ চকুত পৰে ৷ কোঠাটোৰ বেৰৰ ৰঙৰ ওপৰত নিৰ্ভৰ কৰে কোঠাৰ সৌন্দর্য্য ৷ গতিকে ঘৰৰ বেৰবোৰ অতি সাৱধানে সজাই লোৱাটো জৰুৰী। ৱালপেপাৰৰ বাহিৰেও আপুনি ৱাল ক্লেডিং, টেক্সচাৰ ৱাল কৰিব পাৰে। কম খৰচত বিভিন্ন ৰঙেৰে সজাই তুলিব পাৰে ঘৰটো ৷
ৰঙীন লাইট লগাওক
ৰঙীন পোহৰে কোঠাটোৰ সৌন্দর্য্য সলনি কৰিব পাৰে। গতিকে ঘৰৰ প্ৰতিটো কোঠাত পোহৰৰ ব্যৱহাৰৰ প্ৰতি গুৰুত্ব দিয়ক। কিন্তু কোনো পোহৰ বেছি ওপৰলৈ নাৰাখিব। চকুৰ বাবে আৰামদায়ক পোহৰেৰে সজাব পাৰে।
আইনাৰ ব্যৱহাৰ
সৰু সৰু আইনা ব্যৱহাৰ কৰি কোঠাটোৰ সাজসজ্জাৰ অলপ পৰিৱৰ্তন কৰিব পাৰে। বহা কোঠাৰ বেৰত বিভিন্ন ধৰণৰ ৰঙীন দাপোন লগাব পাৰি। কম খৰচত আপোনাৰ কোঠাৰ সৌন্দর্য্য আপুনি আইনাৰ ব্যৱহাৰেৰে কৰিব পাৰে ৷