সময়ৰ সৈতে তাল মিলাই বৰ্তমান সময়ত সকলো লোকে প্ৰায়ভাগ কামতে ইন্টাৰনেটৰ ওপৰত ভৰষা কৰিবলৈ লৈছে । বিশেষকৈ কৰ’না মহামাৰীয়ে ব্যাপকৰূপত মূৰ দাঙি উঠাৰ পাচত প্ৰায় সকলো লোকেই ইন্টাৰনেটৰ জৰিয়তে ঘৰতে বহি অনলাইন যিকোনো কাম কৰিবলৈ লোৱাত এই ক্ষেত্ৰত প্ৰায় অভ্যস্ত হৈ পৰা দেখা গৈছে । ঘৰত বহিয়েই অনলাইন বিজনেছ , অফিচৰ কাম, পঢ়া-শুনা , বজাৰ-সমাৰ , টকা – পইচাৰ লেনদেন আনকি বেংক সম্বন্ধীয় কাম সমূহো ইন্টাৰনেটৰ জৰিয়তে অনায়াসে কৰিব পৰা হৈছে ।
কিন্তু এই সকলোবোৰ কাম অনলাইনৰ জৰিয়তে কৰিবলৈ যাঁওতে সতৰ্ক হোৱাৰ অতি প্ৰয়োজন । বিশেষকৈ বেংক সম্বন্ধীয় কাৰ্য সমূহ কৰোতে সদায় সাৱধান হোৱাৰ দৰকাৰ ।বৰ্তমান সময়ত অনলাইন জালিয়াতিৰ দৰে ঘটনা নিৰন্তৰ বাঢ়িব ধৰিছে । প্ৰতিদিনেই কোনোবা নহয় কোনোবা লোক এই ধৰণৰ ঘটনাৰ বলি হ’বলগীয়া হয় । হাতত লৈ থকা ফোনটোৰ পৰাই ব্যক্তিগত বিভিন্ন তথ্য নিমিষতে চুৰি হৈ যায় । যাৰ ফলত বেংক একাউন্ট খালি হৈ যোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে ।
অনলাইন জালিয়াতিৰ পৰা নিজৰ বেংক একাউন্ট কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ বিষয়ে এছ বি আই য়ে টুইটাৰ যোগে বিশেষ সতৰ্কতা জাৰি কৰিছে । বেংকৰ ক্ষেত্ৰত ল’বলগীয়া এই সতৰ্কতাসমূহ হৈছে –
- বেংক একাউন্ট সক্ৰান্তীয় তথ্য ইন্টাৰনেট বা কোনো চাইটত কেতিয়াও প্ৰকাশ কৰা উচিত নহয় ।
- বেংক সম্বন্ধীয় তথ্য থকা কোনো ফৰ্ম ইন্টাৰনেট মাধ্যমত প্ৰচাৰ কৰা অনুচিত ।
- অনলাইন যোগে টকাৰ লেনদেন কৰিবলৈ হ’লে সঠিক তথ্য নাথাকিলে কোনো একাউন্টত অথবা লোকক নিজৰ একাউন্টৰ পৰা কেতিয়াও টকা পঠোৱা উচিত নহয় ।
- ইন্টাৰনেটত কোনো বেংকৰ কথা উল্লেখ থকা লিংক দেখা পালে, তাত ক্লিক কৰা উচিত নহয় ।
- ভুল তথ্য দিয়া মেছেজ সম্পৰ্কে সদায় সতৰ্ক হোৱা দৰকাৰ ।
ইয়াৰ উপৰিও চাইবাৰ অপৰাধ বিশেষজ্ঞসকলে আন বহুতো ক্ষেত্ৰত সাৱধান কৰিছে জনসাধাৰণক । এইবোৰ হৈছে –
- ফোনত বেংক সম্বন্ধীয় যিকোনো তথ্য ৰখাতো অনুচিত ।
- ডেবিট বা ক্ৰেডিট কাৰ্ডৰ ফটো তুলি ফোনত ৰখাটো উচিত নহয় । কাৰণ ফোন চুৰি হ’লে অথবা অসাধু লোকৰ হাতত পৰিলে বেংক একাউন্ট নিৰাপদ হৈ থকাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
- ফোন অথবা কম্পিউটাৰৰ ব্ৰাউজাৰত বেংকৰ পাছৱৰ্ড ছেভ কৰি ৰখা অনুচিত ।
- এ টি এম কাৰ্ডৰ পিন নম্বৰ য’তে ত’তে লিখি ৰখা অনুচিত ।
- অচিনাক্ট বেংক সম্বন্ধীয় যিকোনো এপ ফোনত ডাউনল’ড কৰা উচিত নহয়।
- কিছুমান ব্যক্তিয়ে অনেক সময়ত নিজকে বেংক কৰ্মী সজাই ফোন কৰে আৰু ফোনত বিভিন্ন এপ ডাউনল’ড কৰিবলৈ কয় । কিন্তু এই ধৰণৰ ফোন আহিলে তাক পৰিহাৰ কৰাই শ্ৰেয় কাৰণ প্ৰকৃত বেংক কৰ্মীয়ে ফোন কৰি কেতিয়াও এইধৰণৰ কাম কৰিবলৈ নকয় ।
- বেংক সম্পৰ্কীয় কোনো তথ্য ফোনত বিচাৰিলে দিয়া অনুচিত। কাৰণ বেংককৰ্মী সকলে একাউন্ট সম্বন্ধীয় কোনো কথা জানিব বিচাৰিলে গ্ৰাহকেহে নিজৰ একাউন্ট থকা বেংকলৈ গৈ বেংককৰ্মী জনৰ লগত আলোচনা কৰিব লাগিব ।