বৰ্তমান সময়ত জনসাধাৰণৰ মাজত অত্যন্ত জনপ্ৰিয় এক ইন্টাৰনেট সেৱা হৈছে অনলাইনত বজাৰ কৰা ৱেবচাইটসমূহ । বিশেষকৈ কৰ‘না মহামাৰীৰ দুৰ্যোগৰ সময়ত মানুহৰ মাজত বৃদ্ধি পাইছে অনলাইন শ্বপিং কৰাৰ প্ৰৱণতা । কাৰণ অনলাইন বজাৰ কৰাৰ সুবিধা থকাৰ বাবেই লকডাউনৰ সময়ত জনসাধাৰণে যথেষ্ট সকাহ পাইছে ।
অনলাইন শ্বপিংৰ এই প্ৰক্ৰিয়াত সময় ৰাহি হোৱাৰ লগতে বহুতো সুবিধা পোৱা যায়। দোকান বা ম’ল আদিলৈ গৈ বজাৰ কৰাতকৈ ঘৰতে বহি নিজৰ দৰকাৰী তথা পচন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে ইয়াতকৈ আৰু সুবিধাজনক ব্যৱস্থা একো হ’ব নোৱাৰে । আনহাতে অনলাইন শ্বপিং ব্যৱস্থাত যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বহুতো বিকল্প থাকে । যাৰ ফলত নিজৰ ইচ্ছা তথা সুবিধা অনুযায়ী মানুহে নিজৰ পচন্দৰ সামগ্ৰীসমূহৰ দাম আন চাইটৰ লগতো তুলনা কৰি ক্ৰয় কৰিব পৰাৰ সুবিধা আছে।
কিন্তু অনলাইন শ্বপিংৰ এই ব্যৱস্থাত কিছুমান অসুবিধা আছে। বৰ্তমান সময়ত অনলাইন বজাৰ কৰাৰ ক্ষেত্ৰত কিছু ভুৱা চাইট অথবা ভুৱা লোকৰ দুষ্কাৰ্য্যৰ বলি হৈছে বহুতো লোক।গতিকে অনলাইন যিকোনো চাইটত বজাৰ কৰাৰ আগত সাৱধান হোৱা অতি প্ৰয়োজন। অনলাইন বজাৰ কৰাৰ সময়ত ল’বলগীয়া কিছুমান সাৱধানতা হৈছে –
- অনলাইন সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সদায় অফিচিয়েল ৱেবচাইটৰ পৰাহে ক্ৰয় কৰাৰ দৰকাৰ । ই-কমাৰ্চ চাইট সমূহৰ বাহিৰে ফেচবুক বা অন্য ছ’চিয়েল মিডিয়া এপ সমূহত কিছুমান শ্বপিং চাইট আছে ,য’ত গ্ৰাহকক আকৰ্ষণ কৰিবৰ বাবে নানা লোভনীয় অফাৰ দি থকা দেখা পোৱা যায়। এনে চাইটসমূহৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ আগতে ভালদৰে ৱেবচাইটতো নিৰীক্ষণ কৰাতো অত্যন্ত জৰুৰী । কাৰণ এইবোৰ ভুৱা ৱেবচাইটো হ’ব পাৰে যিবোৰৰ জৰিয়তে বেংক জালিয়াতিৰ দৰে সমস্যা হোৱাৰ সম্ভাৱনা থাকে ।
- অনলাইন সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সকলোতকৈ সুৰক্ষিত ব্যৱস্থা হ’ল যে যিকোনো সামগ্ৰী ক্ৰয় কৰিলে সদায় COD অৰ্থাৎ কেছ অন ডেলিভাৰী ৰ জৰিয়তে পইচাৰ লেনদেন কৰা উচিত । কাৰণ এই ব্যৱস্থাত নিৰ্দিষ্ট সামগ্ৰী গ্ৰাহকৰ ওচৰলৈ গৈ পোৱাৰ পাচতহে গ্ৰাহকে সামগ্ৰীৰ দাম আদায় কৰিব লাগে । অনলাইন শ্বপিং ব্যৱস্থাত ভুৱা চাইট তথা লোকৰ পৰা বাচি থাকিবলৈ ই এক উচিত উপায় ।
- বহু ক্ষেত্ৰত দেখা যায় যে অনলাইন শ্বপিং কৰাৰ সময়ত গ্ৰাহকে পাচলৈ সুবিধা হ’বৰ বাবে এবাৰ এ টি এম কাৰ্ডৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰাৰ পাচত সেই কাৰ্ডৰ তথ্যসমূহ চাইটোৰ পৰা আঁতৰাই নিদিয়াকৈ ৰাখি থয় ।শ্বপিং চাইটসমূহত কেতিয়াও এ টি এম কাৰ্ডৰ তথ্য ছেভ কৰি ৰাখিব নালাগে । কাৰণ ইয়াৰ জৰিয়তেও গ্ৰাহকৰ বেংক তথা এ টি এম ৰ তথ্য ভুৱা লোকৰ হাতত পৰিবগৈ পাৰে।
- অনলাইন চাইটত সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সদায় সেই ৱেবচাইটতোৰ URL ভালদৰে নিৰীক্ষণ কৰা অতি প্ৰয়োজন । মনত ৰখা দৰকাৰ যে চাইটতোৰ URL তো HTTP ৰ ঠাইত HTTPS হোৱা দৰকাৰ । HTTPS থাকিলে বুজা যায় যে ৱেবচাইটতো গুগলৰ তত্ত্বাৱধানত আছে আৰু তাত বজাৰ কৰিলে অসুবিধাৰ সন্মুখীন নহয় ।